পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৫
দেৱজিত ৷

বায়ুবেগে শৰ যাই পাতালে পশিলা।
সাগৰত স্নান কৰি শীঘ্ৰে আসি ভৈলা॥১৮৯৬
মহেশৰ তৃণত পশিলা বেগে শৰ।
হেন দেখি অৰ্জ্জুনৰ ক্ৰোধ গুৰুতৰ॥
তুণে হাতে নাৰায়ণ অস্ত্ৰ বীৰে আনি।
শাৰঙ্গৰ গুণে যুৰি প্ৰহৰিলা টানি॥৮৯৭
বিধুম অগনি হুই চলে দিশ ছানি।
দেখি হাহাকাৰ কৰে চৰাচৰ প্ৰাণী॥
বিম্বাদ শৱদে হৰ হৃদয় ভেদিলা।
ঢলোঁ পৰোঁ কৰি হৰ বৃষভে পৰিলা॥ ৮৯৮
হাতৰ পৰিলা খসি পিনাক যে ধনু।
ঘনে ঘনে কম্পয় হৰৰ সবে তনু॥
কতো ক্ষণে স্বস্থ পাচে ভৈলা মহেশ্বৰ।
কোটি কোটি লক্ষে লক্ষে প্ৰহাৰিলা শৰ॥ ৮৯৯
আৰু অৰ্ব্বুদেক শৰ প্ৰহাৰিলা বলে।
আকাশ ঢাকিয়া যাই গগনমণ্ডলে॥
অৰ্জ্জুনে দেখন্ত শৰ আসে আকাশতে।
অৰ্জ্জুনেও শৰ প্ৰহৰিলা অতি দ্যুতে॥ ৯০০
এক শৰ প্ৰহাৰন্তে লক্ষ কোটি হুই।
প্ৰহাৰ কৰন্তে শৰ লেখাজোখা নাই॥
অৰ্ব্বুদ হাজাৰ কোটি পদ্ম মহা ঢুলি।
দুয়ো হাতে শৰাচ্ছন্ন কৰে মহাবলী॥ ৯০১
আকাশ ঢাকিয়া যেন মেঘে ঢালে জল।
সেহি মতে শৰ প্ৰহাৰয় মহাবল॥
আকাশ ঢাকিয়া ভৈলা ঘোৰ অন্ধকাৰ।
নবহে পবন নাহি ৰবিৰ সঞ্চাৰ॥ ৯০২
হৰ-শৰ সংহাৰিয়া অৰ্জ্জুনৰ শৰে।
নিসন্ধি ভেদিলা মহেশৰ কলেবৰে॥
তেজে তলবল ভৈলা হৰৰ সৰ্ব্ব কায়।
বিহ্বল ভৈলন্ত হৰ শ্ৰুতি বুদ্ধি নাই॥ ৯০৩

৩৯