হেন দেখি মহেশ্বৰে হানি মেঘশৰ।
আকাশ ঢাকিয়া ভৈলা ঘোৰ অন্ধকাৰ॥ ৮৬৬
আকাশত কৰে ঘোৰ গৰ্জ্জন আস্ফাল।
কৃষ্ণ অৰ্জ্জুনক বেঢ়ি বৰিষয় জল॥
হৰে শৰ বৰিষয় অৰ্জ্জুনে দেখিলা।
বাচি আনি বায়ুবাণ গুণত যুৰিলা॥৮৬৭
মন্ত্ৰ পঢ়ি ধনঞ্জয় পঠাইলেক হানি।
প্ৰচণ্ড আন্দোলে চলে আকাশত ছানি॥
গিৰ গিৰ শবদে যে হৰ মেঘ যাই।
নিৰ্জ্জনক লাগি বায়ু নিলা উৰুৱাই॥ ৮৬৮
হেন দেখি আনিলা পৰ্ব্বত পাঞ্চবাণ।
আথবেথ কৰি হৰে কৰিলা সন্ধান॥
তেতিক্ষণে বায়ু নিবৰ্ত্তিয়া নিলা হৰ।
আকাশত হুই ৰৈলা পাঞ্চ গিৰিবৰ॥ ৮৬৯
বায়ু নিবৰ্ত্তিলা অৰ্জ্জুনৰ ক্ৰোধ টান।
বজ্ৰবাণ হানি পৰ্ব্বতক কৰি ছন্ন॥
পাচে বায়ু মেঘশৰ উৰুৱাই নিলা।
নিৰ্জ্জনে পেলাই পুনৰপি আসি ভৈলা॥৮৭০
অৰ্জ্জুনৰ তুণত পশিলা বায়ুশৰ।
দেখি ক্ৰোধে জ্বলি গৈলা দেৱ মহেশ্বৰ॥
অৰ্জ্জুনক হৰে হানিলেক শত বাণ।
ভেদিলেক হৰে অৰ্জ্জুনৰ মৰ্ম্মস্থান॥ ৮৭১
হৰৰ শৰত নকম্পত বীৰবৰ।
প্ৰচণ্ড অগনি যেন জ্বলে কলেৱৰ॥
আতি বৰ ক্ৰোধত অৰ্জ্জুনৰ গৈলা জ্বলি।
শনাইবাৰ তীক্ষ্ণ শৰ হাতে লৈলা তুলি॥৮৭২
মহামন্ত্ৰ পঢ়ি প্ৰহাৰিলা মহাবলী।
জাজ্বল্য সমানে চলে অগ্নি সম জ্বলি॥
হৰৰ হিয়াত শৰ পৰিলা সন্ধানে।
যায় বিদাৰি শৰ ওলাইলা তেখনে॥৮৭৩
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৮০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০১
দেৱজিত ৷