পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০০
অসমীয়া সাহিত্যৰ চানেকি ৷

এহি বুলি ধনঞ্জয়ে ধৰিলা শাৰঙ্গ।
ভয় ভীত নাই যেন প্ৰমত্ত মাতঙ্গ॥
ভন্ন দশ পাত শৰ ধণুৰ্গুণে যুৰি।
প্ৰহাৰ কৰিলা বীৰে শাৰঙ্গত যুৰি॥ ৮৫৯
হৰৰ হিয়াত শৰ পৰিলা সন্ধানে।
শৰৰ সন্ধানে হৰ কম্পে ঘনে ঘনে॥
কম্পমান ভৈলা হৰ দিব্য শৰ পৰি।
বৃষভ পলাইলা পাচে কত দুৰে লৰি॥ ৮৬০
বৃষভক চাই হৰে বোলে ৰহ ৰহ।
ঘোৰ শৰ হানি অৰ্জ্জুনৰ ভাঙ্গোঁ গহ॥
হৰৰ বচনে ফিৰে বৃষভবাহন।
বতাসে ফিৰাইল যেন শুক্ল মেঘখান॥ ৮৬১
সেহি মতে বৃষভক ফিৰাই মহেশ্বৰে।
পিনাক ধণুক ধৰিলন্ত বাম কৰে॥
অযুত নিযুত হৰে হানিলন্ত শৰ।
মাৰুতৰ বাটে চলি যায় গুৰুতৰ॥৮৬২
আৰু লক্ষে লক্ষে হৰে হানিলন্ত শৰ।
আকাশ পৃথিবী ঢাকি বহে নিৰন্তৰ॥
হৰশৰ ভেদি চলে বজ্ৰ সম ধাৰ৷
মহেশৰ শৰীৰত পৰিলন্ত শৰ॥৮৬৩
অৰ্দ্ধে ঊৰ্দ্ধে পিঠি কোষে সন্ধানে যে ফুটি।
বোম্বাল আকাৰে বহি তেজ যায় ছুটি॥
আৰু প্ৰহাৰিলা ধনঞ্জয়ে শৰচয়।
সন্ধানে ভেদিল যাই হৰৰ হৃদয়॥ ৮৬৪
হৃদয়ত পৰি শৰ পিঠি বাজ ভৈলা।
ইন্দ্ৰক লাগিয়া শৰ সেহি মতে ধাইলা॥
বাসৱৰ হৃদয় ভেদিলা দৃঢ়তৰ।
আকাশৰ পন্থে যায় দেখি লাগে ডৰ॥ ৮৬৫
অৰ্জ্জুনৰ তৃণত পশিলা শৰচয়।
দেখি সুৰ-গন্ধৰ্ব্বে কৰয় জয় জয়॥