সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৯
দেৱজিত ৷

দৃঢ়াঙ্গ ধণুক ইন্দ্ৰে টঙ্কাৰ কৰিলাঁ।
বাচি বাচি অৰ্দ্ধচন্দ্ৰ গুণত যুৰিলা॥ ৮৫১
মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা হৰি হয়।
ঘৰত পৰিয়া ইন্দ্ৰ শৰ ভৈলা ক্ষয়॥
অস্ত্ৰ ছন্ন ভৈলা দেখি ক্ৰোধে সুৰপতি।
ব্ৰহ্মাৰ ডিবাৰ শৰ ধৰিলা সম্প্ৰতি॥ ৮৫২
ধনুৰ গুণত যুৰি প্ৰহাৰ কৰিলা।
প্ৰলয়ৰ জুই যেন আকাশে চলিলা॥
ঘৰত পৰিলা ব্ৰহ্মশৰ বেগে যাই।
আগমূৰি সিয়ো শৰ পৰিলা ভোটাই॥ ৮৫৩
ইন্দ্ৰৰ প্ৰহাৰ যেৰে ব্যৰ্থ হৈয়া গৈলা।
হেন দেখি মহেশ্বৰে ত্ৰিশূলক লৈলা॥
দন্ত কামুৰিয়া হৰে শুল প্ৰহাৰিলা।
ঊৰ্দ্ধে অৰ্দ্ধে সাত হাত ঘৰক ফালিলা॥ ৮৫৪
যেহি বেলা ঘৰক ফালিলা মহেশ্বৰ।
সেহি বেলা অৰ্জ্জুনৰ শৰ নিৰন্তৰ॥
আকাশৰ পন্থে শীঘ্ৰ বেগে যাই শৰ।
তুণত পশিলা তেবে বীৰ অৰ্জ্জুনৰ॥ ৮৫৫
বন্দী যে গুছিলা হৰ সমে দেৱগণ।
স্বৰগ আকাশ মহী ভৈলা সুপ্ৰসন্ন॥
অৰ্জ্জুন দেখি পাচে দেৱ মহেশ্বৰ।
পিনাকত দিব্য শৰ যুৰিলা সত্বৰ॥ ৮৫৬
কৰ্ণমানে ধণু টানি কৰিলা প্ৰহাৰ।
আকাশে চলিল শৰ বিদ্যুত সঞ্চাৰ॥
অৰ্জ্জুনৰ গাৱে পৰি বজ্ৰৰ সন্ধান।
নকম্পিলা শৰ ছোটে পাণ্ডুৰ নন্দন॥৮৫৭
মাধৱে বোলন্ত সাধু সাধু বীৰসাৰ।
হৰ-শৰ প্ৰহাৰে নকম্পে কলেৱৰ॥
অৰ্জ্জুনে বোলন্ত মোৰ নাহি কিছু ভয়।
তুমি মোৰ সহায় যদি ভৈলা কৃপাময়॥৮৫৮