পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৫
দেৱজিত ৷

মাধৱে বেলন্ত অৰা শুনা প্ৰাণসখি।
হৰক চাহিয়ো কালান্তকসম দেখি॥ ৮২১
হৰে সমে যুঁজিবাক এৰা এতিক্ষণ।
বিনাশিবে পাৰে হৰ চৈধ্যয় ভুবন॥
দণ্ড চাৰি ৰণ এৰি মোৰ কথা ধৰ।.
শৰৰ যে ঘৰ বান্ধি হৰক বন্দী কৰ॥ ৮২২
দেৱক হৰক ঢাকি মাৰ ঘোৰ শৰ।
আকাশ পৃথিবী ঢাকি বান্ধা এক ঘৰ॥
মাধৱৰ বচনে অৰ্জ্জুন ৰঙ্গ ভৈলা।
দৃঢ়মুষ্টি কৰি ধনু শাৰঙ্গ টানিলা॥ ৮২৩
অযুত অৰ্ব্বুদ শৰ গুণত চৰাইলা।
শাৰঙ্গ টঙ্কাৰি বীৰে প্ৰহৰি পঠাইলা॥
এক শৰ জোৰন্তে যে দশ কোটি হয়।
প্ৰহাৰন্তে লক্ষকোটি পৰে লেখ নাই॥ ৮২৪
অখৰ্ব্ব নিখৰ্ব্ব শৰ পদ্ম মহা ঢুলি।
প্ৰহাৰ কৰয় ধনঞ্জয় মহাবলী॥
দুয়ো হাতে শৰাচ্ছন্ন কৰে মহাবল।
প্ৰলয় কালত যেন মেঘে ঢালে জল॥ ৮৯৫
স্বৰ্গ আকাশ সবে পৃথিবী ছানি।
দেৱতাক ঢাকি শৰ প্ৰহৰে অৰ্জ্জুনি॥
দুয়ো হতে শৰাচ্ছন্ন কৰে ধনঞ্জয়।
হাতক মনিব নপাৰয় দেৱচয়॥ ৮২৬
স্বৰ্গ আকাশৰ পৰা শৰ ঘৰ সাজি।
নিমিষে অৰ্জ্জুনে এক ঘৰ থৈলা সাজি॥
হলে সমে ইন্দ্ৰ আদি দেৱ নিৰন্তৰ।
সবাকে কৰিলা বন্দী ঘৰৰ ভিতৰ॥৮২৭
দেৱসমে গৃহৰ ভিতৰ ভৈলা হৰ।
ব্ৰহ্মাৰ মুনি দেখি ৰঙ্গ কৰে বৰ॥
ব্ৰহ্মায়ে বোলন্ত সাধু সাধু বীৰ সায়।
পাণ্ডুবংশে নৰৰূপে ভৈলা অৱতাৰ॥ ৮২৮