পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯১
দেৱজিত

শক্তি ছন্ন কৰি শক্তি শীঘ্ৰ বেগে আসি।
অৰ্জ্জুনৰ তূণত যে থাকিলন্ত পশি॥ ৭৯১
হেন দেখি সিদ্ধ মুনি কৰে জয় জয়।
মহেশৰ শক্তি বিনাশিলা ধনঞ্জয়॥
অৰ্জ্জুনৰ সম বীৰ নাহি ত্ৰিভুবনে।
এহি বুলি প্ৰশংসা কৰিলা সিদ্ধগণে॥ ৭৯২
মহেশে দেখন্ত মোৰ শক্তি ভৈলা ছন্ন।
চন্দ্ৰহাস খড়গ ধৰি কৰিলা সন্ধান॥
আকাশৰ পন্থে শৰ যায় গুৰুতৰ।
সাক্ষাতে দেখয় যেন চক্ৰ মাধৱৰ॥ ৭৯৩
চক্ৰাকাৰে খড়গ যায় দেখি লাগে ডৰ।
আকাশত যায় যেন বহ্নি প্ৰলয়ৰ॥
খড়গ দেখি অৰ্জ্জুনৰ ক্ৰোধ গুৰুতৰ।
মাধৱৰ খড়গ ধৰি কৰিলা প্ৰহাৰ॥ ৭৯৪
মনোজয় বেগে চলি যায় যে গগন।
মহেশৰ খড়গক কৰিলা খান খান॥
আকাশৰ পৰা খড়গ শীঘ্ৰ কৰি আইলা।
অৰ্জ্জুনৰ হাতে আসি উপসন্ন ভৈলা॥ ৭৯৫
খড়গ ছন দেখি পাচে দেৱ ত্ৰিলোচন।
পিনাক ধনুক ধৰিলন্ত ক্ৰোধ মন॥
তীখাল চোখাল হৰে ক্ষুৰ শৰ আনি।
প্ৰহাৰ কৰিলা কোপে পিনাকক টানি॥ ৭৯৬
মনোজয় বেগে শীঘ্ৰ চলে ঘোৰ বাণ।
আকাশৰ মেঘগণ কৰিলা নিৰ্য্যান॥
অৰ্জ্জুনে দেখন্ত মোক প্ৰতি আসে বাণ।
যুগান্ত কালৰ যেন বহ্নি সম বাণ॥ ৭৯৭
তিখাল চোখাল ইতো ক্ষুৰপতি বাণ।
প্ৰহাৰ কৰিলা ক্ৰোধে পাণ্ডুৰ নন্দন॥
বিদ্যুত সঞ্চাৰে চলে মাৰুতৰ বাট।
হৰশৰ কাটিয়া পেলাইলা আকাশত॥ ৭৯৮