পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯০
অসমীয়া সাহিত্যৰ চানেকি।

দিগপাল হৈবি তই থাক সাৱধানে।
দিগপাল পাতি থওঁ যমৰ ভুবনে॥
সাৱধান হৈবি বুলি দেৱ পশুপতি।
হানিলেক অৰ্জ্জুনক দুৰ্ব্বাৰ শকতি॥ ৭৮৪
বিম্বাদ শবদে শক্তি চলে দিশ ছানি।
প্ৰলয় কালৰ যেন বিধূম অগনি॥
জাকে জাকে অগনি যে চলে শীঘ্ৰগতি।
ধনঞ্জয়ে দেখে আসে দুৰ্ব্বাৰ শকতি॥ ৭৮৫
আথবেথ কৰি বীৰে শাৰঙ্গক টানি।
দিব্য পাঞ্চ অৰ্দ্ধ চন্দ্ৰ পঠাইলেক হানি॥
আকাশে চলিলা শৰ বিদ্যুত সঞ্চাৰে।
মহেশৰ শক্তিত পৰিলা দৃঢ় তৰে॥ ৭৮৬
শৰ চেৰাই চলি আসে শক্তি বেগে ধাই।
দশদিশ ধাকি আসে প্ৰলয়ৰ জুই॥
হেন দেখি অৰ্জ্জুনৰ ক্ৰোধ গুৰুতৰ।
শক্তিক লাগিয়া হানিলন্ত ব্ৰহ্ম শৰ॥ ৭৮৭
জাজ্বল্য অগনি জ্বলি যায় ব্ৰহ্মবাণ।
শক্তিত পৰিলা যেন বজ্ৰৰ সন্ধান॥
আগমুৰি সিয়ো শৰ পৰি মহীতলে।
বৰ বেগে চলে শক্তি গগনমণ্ডলে॥ ৭৮৮
অৰ্জ্জুনে দেখন্ত ব্ৰহ্মবাণ ভৈলা ছন্ন।
ক্ৰোধত কম্পন্ত বীৰ পাণ্ডুৰ নন্দন॥
পাচে বৰ কোপ মনে বীৰ সব্যসাচী।
ব্ৰহ্মাৰ দিবাৰ ঘোৰ শক্তি লৈলা বাচি॥ ৭৮৯
মাধৱৰ তূণত থাকয় সৰ্ব্বকাল
বিদাৰিতে পাৰে মেৰু মন্দৰ পাতাল॥
সেহি শৰ ধনঞ্জয়ে পঠাইলেক হানি।
আকাশে চলিলা যেন প্ৰলয় অগনি॥ ৭৯০
অৰ্জ্জুনৰ শক্তিয়ে শিৱৰ শক্তি পাই।
প্ৰচণ্ড অগনি জ্বলি কৰিলন্ত ক্ষয়॥