পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৮
অসমীয়া সাহিত্যৰ চানেকি।


পদুলী পদুলী সবে পুতিলা তোৰণ।
সুবৰ্ণৰ দীপ ঘট সুগন্ধ চন্দন॥
দুৰ্ব্বাক্ষত পঞ্চৰত্ন থৈলা নিৰন্তৰে।
পশিলন্ত সুগ্ৰীৱ শ্ৰীমন্ত বাস ঘৰে॥
শুনা ৰামায়ণ পদ খত সাদ।
শুন্তে মঙ্গল মিলে গুচয় আপদ॥
যাৰ যেন মনৰ বাঞ্চিত পূৰে কাম।
নিৰন্তৰে নৰে ডাকি বেলা ৰাম ৰাম