পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৭
সীতাহৰণ।

বালী সুত মহাবীৰ আছন্ত অঙ্গদ।
সবে মিলি দিবা তাঙ্ক যুৱৰাজ পদ॥
আমাৰ বচনে সবে হেলা পৰিহৰি।
সমস্তে বানৰে যাইয়ো কিষ্কিন্ধ্যা নগৰী॥
চলিয়ো সুগ্ৰীৱ মিত্ৰ লোৱা দণ্ডপাট।
প্ৰজাপতি পালি আজ্ঞা কৰিবাহা ছাট॥
নটে ভাটে ব্ৰাহ্মণে মঙ্গল কৰন্তোক।
সাম্পিলো তোমাতে তাৰা দেৱী আছন্তোক॥
শ্ৰাৱণাদি মাস মুখ্য বাৰিষাৰ কাল।
দিনতে আন্ধাৰ মহা মেঘৰ ঘঞ্চাল॥
বানৰ লোকৰ আতো কিছু নাহি কাজ।
ইটো চাৰি মাস মহাসুখে কৰা ৰাজ॥
আমি থিত হৈ প্ৰস্ৰৱণ গিৰিবৰে।
সীতাৰ নিমিত্তে চিত্ত উত্ৰাৱল কৰে॥
কাৰ্ত্তিক নিবৃত্তি গৈলে আগ্ৰহণ মাসা।
সীতাক খুজিবে যেন নমাতিলে আসা॥
সুগ্ৰীৱে বোলন্ত আবে ভৈল প্ৰতিকাৰ।
ভাৰ্য্যাক লভিলোঁ অকণ্টক ৰাজ্যভাৰ॥
সীতাক খুজিবো আমি চাৰি মাস পাছে।
ধাৰ লাগি মিত্ৰৰ আমাৰ গাৱে আছে॥
ৰামক প্ৰণাম কৰি ভালুক বানৰে।
নগৰীতে প্ৰবেশ ভৈ গৈল চপ কৰে॥
চতুৰ্দ্দোলে সুগ্ৰীৱ ওৱাৰি পয়োসাৰ।
সুগ্ৰীৱে বোলন্ত বিধি প্ৰসন্ন আমাৰ॥
ওৱাৰি ভিতৰে পাঞ্চৰত্নৰ ভাণ্ডাৰ।
শুভ শুভ জয় জয় ভৈ গৈল জোকাৰ।
দণ্ড ছত্ৰ পতাকা বিচিত্ৰ নৃত্য গীত।
সুগন্ধ শীতল বাতে প্ৰমোদিত চিত॥
নানাবিধ চিত্ৰ খান আঁতি বিতোপন
দেখি সুগ্ৰীৱৰ উল্লসিয়া গৈল মন॥