পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৩
সীতা হৰণ।

শুন বোলোঁ প্ৰাণ বাপ তনয় অঙ্গদ।
তোহোৰ খুৰাত পাইলি সকলে সম্পদ॥
আতি সেৱা এৰি ধৰ্ম্মে কৰিবি সেৱলি।
আতি সেৱা কৰিয়া পাতালে গৈলা বলি॥
প্ৰণামোহো ৰামচন্দ্ৰ কৰি হাত যোৰ।
অল্পমতি তৰল বানৰ মুখপোৰ॥
শৰ বিষে যতেক কৰিলোঁ খিলিঙ্কাৰ।
ইসব দোষক প্ৰভু ক্ষেমিবা আমাৰ॥
সুবৰ্ণৰ পঙ্কজ যতেক পদ্মমালা।
যাক পৰিধানা শ্ৰীধৰ সম কালা॥
বাসৱে দিলন্ত মোক মাণিকে উজ্জ্বলা।
গ্ৰাৱ হন্তে কাঢ়িয়া দিলন্ত সেহি মালা॥
লক্ষণক দিয়া বা আপুনি গ্ৰীৱে ধৰাঁ।
নুহি সুগ্ৰীৱক দিয়া ৰাজ্যক জোকাৰা॥
অঙ্গদ কুমাৰ মোৰ তাৰা পটেশ্বৰী।
দুইহন্তকো প্ৰভু পালিবাহা ভাল কৰি॥
বালীক প্ৰবোধি পাছে মাতিলন্ত ৰাম।
ভাৰ্য্যাৰ পুত্ৰৰ শোক কৰা উপশম॥
তোমাত অধিক কৰি সুগ্ৰীৱে পালিব।
অভিনন্দা ভাৱে ৰাজভোগকাল নিব॥
শুনিয়ো সুগ্ৰীৱ মিত্ৰ মোৰ বোল কৰাঁ।
বালী দেন্ত মালা আপোনাৰ গ্ৰীৱে ধৰাঁ॥
শ্ৰেষ্ঠ ভাইক লাগি কিছু নকৰিবা শোক।
পুষ্পৰথে চৰি যান্ত বালী স্বৰ্গলোক॥
লৈয়ো প্ৰাণ ভাই বুলি বালী মালা দিল।
হৰিষ-বিবাদ মনে সুগ্ৰীৱে পিন্ধিল॥
আতিশয় শোভা কৰে দশগুণে কালা।
দেখি যেন মেৰুৰ শিখৰে সূৰ্য্য জ্বালা॥
ভৈয়াই সুগ্ৰাব মোৰ হেৰ প্ৰাণ যান্তি।
আখৰেক মাতোহোঁ শুনিয়ো তাৰ শান্তি॥