পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬২
অসমীয়া সাহিত্যৰ চানেকি।

বিচোহ লগাইয়া হৃদয়ত দিয়া শাল।
কৰিবা কাতৰ তভোঁ যাইবন্ত পাতাল॥
পাছে কতোক্ষণে সন্ধুক্ষণ ভৈলা বালী।
চক্ষু মেলি কুটুম্বক চাহিলা নিহলি॥
দেখন্ত অঙ্গ চৰণত পৰি আছে।
সব বন্ধু জনে বেঢ়ি কান্দে আগে পাছে
ডাইন হাতে অঙ্গদকো আলিঙ্গি ধৰিলা।
বাম হাতে ধৰিয়া তাৰাক বোধ দিলা॥
পৰিচ্ছেদ কৰিয়া দেখোহোঁ ভাৰ্য্যা পোক
যমপুৰে গৈলে মোক নেৰিবেক শোক॥
হৰি হৰি পুত্ৰ মোৰ তাৰা পটেশ্বৰী।
বিচোহ লগাইয়া হেৰা মই বাওঁ মৰি॥
সন্তানক এৰিলোঁ এৰিলোঁ হৃদি খেদ।
তোমাৰ আমাৰ ভৈল দৃষ্টি পৰিচ্ছেদ॥
ভৈয়াই সুগ্ৰীব তই মোৰ বাক্য শুন।
মৃতক ভ্ৰাতৃৰ নধৰিবি দোষ গুণ॥
যুবৰাজ কৰি অঙ্গদক ভালে ৰাখা।
মোৰ বলবীৰ্য্যে পুত্ৰ হৈব তোৰ সখা॥
খুৰতে-ভাতিজা আদিত্যকো দিবি ধাৰ।
ইন্দ্ৰদেবতাতো ভয় নহিবে তোমাৰ॥
তোমাৰ বিপুল বলে কিছু নহিবেক।
মোৰ পুত্ৰে অনেক ৰাক্ষস মাৰিবেক॥
সুগ্ৰীৱক গ্ৰীৱে ধৰি মুখে চুমা দিল।
অঙ্গদ পুত্ৰক হাতে হাতে সমৰ্পিল॥
মোৰ পুত্ৰ নোহে বাপ তোমাৰ তনয়।
ভাল মতে অঙ্গদক পালিতে লাগয়॥
কুলত থাকয় যদি একোদৰ ভাই।
একৰ তনয় আছে আৰু কাৰো নাই॥
সেহি পুত্ৰ গুটি সবাহাৰে হোৱে সাৰ।
জলপিণ্ড দানে কৰে বংশক উদ্ধাৰ॥