পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। যাৰ প্ৰসাদে মই পৃথিবী মণ্ডল মাঝে, আছিলোহে ৰাজেশ্বৰী।। শত্ৰুপ নৃপতি। যত পটোৰীগণ, | আছিল মোতেসে সেৱা কৰি আনৰ স্বামীয়ে গৈয়া মোহোৰ স্বামীয়ে গৈয়া, অন্তৰ আছিল বহু দূৰ। হেন মোৰ প্ৰাণনাথ কিছুই কি কাৰ্যে যা, লগতে চলিবো যমপুৰ আকুলব্যাকল কৰি ফ্ৰন্দন কল্পে অs ৰাজাৰ কোলাত পাটশ্বৰী। তোমাতেসে বাঢ়িলেক | তাৰ সুবাগ স্বত, ক যাহা মোক পৰিহৰি। আমাৰ বচন তুমি নশুনিলা প্ৰভু দেৱ, আন্ধাৰ কৰিলা দশদিশ। আপদৰ সময়ত সুহৃদৰ বচনক, | দেখিলাহ তুমি যেন বিষ। পুত্ৰ যেৱে ৰাজা হয়। বোলায় জমায়, | অনুৰূপে সম্পদক পাই। হাত তোলা কৰি আনি কিছু কিছু ধন দেই, যদি হোৱয় বাপ ভাই। স্বামী ৰাজা ভৈল সবে সৰ্বৰে অধিকাৰ, হইবে পায় মুখ্য পটেশৰী। হেন প্ৰাণনাথ তুমি আমাক এৰিয়া যাহা, কিক লাগি প্ৰাণ আছে ধৰি।। শুনিয়ো মুগ্ৰীৰ বীৰ স্বামী সোদৰ স্কাই, তুমি শ্ৰেষ্ঠ দেৱৰ আমাৰ। আপোনাৰ সুখ হেতু : স্বামী মৰাইয়া মোৰ • কুলৰ জনাইলা খিলিংকাৰ। '