পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
সীতা হৰণ।

পাপময় ৰাম তুমি পাপৰ আচাৰ।
পাপবুদ্ধি ৰাম ইতো শৰীৰ তোমাৰ॥
নুবুলিয়া শৰ তুমি কৰিলাহা কিক।
তোমাৰ বীৰত্ব ৰাম আছোঁ ধিক ধিক॥
ক্ষত্ৰি জাতি বীৰ তুমি নুহিকা গহন।
নুবুলিয়া শৰ কৰিলাহা কি কাৰণ॥
বুলিয়া আমাক কৰিলাহা হন্তে ৰণ।
পৰিবৰ্ত্তি ভৈল হন্তে তোমাৰ মৰণ॥
লাজ এৰি ৰাম তুমি মাথা তুলি চাহা।
হৃদয় বিদাৰি মোৰ শোণিত পিয়াহা॥
কোন কাষে বনৰ বানৰ মাৰিলাহা।
দোখৰা-দোখৰ কৰি মাংস কাটি খাহাঁ॥
আমাক মাৰিলা আসি কোন কাষে ভাল।
মাংস খাইবাহা তেবে নিপিন্ধিবা ছাল॥
নুভুঞ্জে উত্তম জাতি আমাৰ মাংসক।
যজ্ঞত লাগে বানৰৰ পঞ্চ নখ॥
শুনি আছোঁ ৰাম সৰ্ব্ব কাৰ্য্যত গৰিষ্ট।
দেৱ গুৰু পিতৃ যত সবাহাতে ইষ্ট॥
জানিলোঁ তোমাক সবে তপস্বীতে বৰ্জ্য।
যেন ধৰি আছা বিৰালৰ ব্ৰহ্মচৰ্য্য॥
পৃথিবীৰ পতি তুমি ভৈলা অকাৰণ।
উত্তম নাৰীৰ স্বামী যেহেন টেন্তন॥
হা কিনো ভৈল তযু গতি বসুমতী।
অধম-আচাৰ ৰাম ভৈল তব পতি॥
সুমৰণে পাপ হৰে আদিত্যৰ বংশ।
তোমাৰ উপৰি যত সবে ধৰ্ম্ম অংশ॥
সূৰ্য্যবংশ সমস্তৰ শিৰৰ মুকুট।
নিৰ্ম্মল কুলত তুমি ভৈলা কালকূট॥
দশৰথ নৃপতিক ভাল জানো আমি।
অদ্ভুত ক্ষত্ৰিয় তেহোঁ যুগুত সংগ্ৰামী॥