পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫২
অসমীয়া সাহিত্যৰ চানেকি।

বলি-বাসৱৰ যেন লাগিল সমৰ।।
বালী-সুগ্ৰীৱৰ যুদ্ধ সেহি পটন্তৰ॥
বালী বোলে শুন ওৰে সুগ্ৰীৱ দুন্দুৰ।
মুষ্টিৰ প্ৰহাৰে তোক নিবো যমপুৰ॥
কুণ্ড-স্থলে মুষ্টি হানি লৱৰিয়া টানে।
পৰি মূৰ্চ্ছা গৈল বীৰ নমৰিল প্ৰাণে॥
পাচে কতোক্ষণে তান আসি ভৈলা জীৱ।
ভয়ঙ্কৰ শাল বৃক্ষ হানিলা সুগ্ৰীৱ॥
হৃদয়ত পৰি বীৰ বালী মূৰ্চ্ছা গৈলা।
কতোক্ষণে অনন্তৰে সন্ধুক্ষণ ভৈলা॥
ৰামচন্দ্ৰে দেখন্ত আসজ ভৈলা বৰে।
সুগ্ৰীৱ মাতন্ত বালীৰাইৰ বল চৰে॥
নিচিনি নমাৰি পূৰ্ব্বে অবশক পাইলোঁ।
মাৰোঁ বুলি শপত কৰিয়া পুনু আইলোঁ॥
আবে কেনে চাহি আছোঁ দেখিয়া আগত।
নাহি দোষ ভকত বিদ্ৰোহীক কৰোঁ হত॥
এহি বুলি শৰ পাত গুণে চৰাইলন্ত।
বালীৰ হিয়াত লক্ষে হানি পঠাইলন্ত॥
বিম্বাসশবদেশ শৰ চলে আকাশত।
সন্ধানে পৰিল বালীৰাইৰ হৃদয়ত॥
ক্ৰোঞ্চ পৰ্ব্বতক যেন ভেদিল কুমাৰে।
হিয়াত পৰিয়া শৰ ভৈল পশি আৰে॥
হাঁ মৰিলোহোঁ বুলি পৰি গৈল বালী।
পৃথিবীক শৰীৰকে শৰে থৈলা শালি॥
সাধিলোঁহো সুগ্ৰীব মিত্ৰৰ যত কাষ।
এহি বুলি ৰাঘৱ বনৰ ভৈলা বাজ॥
মাথা পালটাই বালী পাঞ্জৰাক চাইল॥
বন হন্তে আসন্তে ৰামক ভেট পাইল।
গুঞ্জ হেন চক্ষু ফুৰাই পাৰিলন্ত গালি।
ধিক ধিক ৰাঘৱ অধম পাপশালী॥