পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫১
সীতা হৰণ।

এতেকে সংশয় প্ৰভু দেখোহো মনত।
ক্ৰোধে বালী বোলে মোক বুজাৱস কত॥
নিচুকিয়া থাক কিছু নবুজস কাষ।
এহি বুলি চলিলা যুদ্ধক হুয়া সাজ॥
প্ৰবোধিলা যেৱে বালী পৌৰুষ বচনে।
পালটি বলিলা তাৰা অসন্তোষ মনে॥
বাধক নুশুনি বালী সমৰক যায়।
মাথাৰ উপৰে কাক শগুন বৰ্ণাই॥
বাম পাশে সৰ্প খায় ডাহিনে শৃগাল।
কাক গৃধ পাখীৰ আকাশে কোলাহল॥
চণ্ড বায়ু বহে খোলা-খাপৰৰ জাক।
কিষ্কিন্ধ্যাত ৰুধিৰে বৰিষে জাকে জাক॥
হাঞ্চি জেঠী নমানিয়া ৰণক গমন।
বালী সুগ্ৰীবৰ দুইৰ ভৈল দৰিশন॥
দুইকো দুই তৰ্জ্জিয়া-গৰ্জ্জিয়া পাৰে গালি।
লাগি গৈল সমৰ সুগ্ৰীব বীৰ বালী॥
বজ্ৰৰ সদৃশ দুইয়ে হানন্ত চৱৰে।
লাঠি হানি প্ৰহাৰে নিৰ্ঘাত যেন পৰে॥
বৃক্ষে বৃক্ষে হানিলন্ত শিখৰে শিখৰে।
কিল ভুকু চৱৰে মাৰন্ত নিৰন্তৰে॥
অদভুত সমৰ কৰন্ত দুই ভাই।
আকাশত দেৱগণে আছে যুদ্ধ চাই॥
ধনুত জুৰিয়া শৰ ৰামে সাৱধানে।
দুইহানো সমৰ চাই আছা বিদ্যমানে॥
দুয়ো বীৰে আটোপে ধৰিলা কোলে কোলে।
পৃথিবী কম্পিয়া গৈল দুইহানো আন্দোলে॥
গম্ভীৰত মেৰু যেন গহিনে সাগৰ।
যেন মেৰু মন্দৰ যুজন্ত একতৰ॥
হৰি-শঙ্কৰৰ যেন মিলিল সমৰ।
গ্ৰহ-যুদ্ধ তৈল যেন মঙ্গল বুধৰ॥