পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫০
অসমীয়া সাহিত্যৰ চানেকি ৷

সোদৰ কনিষ্ঠ ভাই তাহান মুখক চাই,
 দোষচয় ক্ষমিয়োক সৰ্ব্ব।
তোমাতেসে দান মান ঠেস ৰোষ নকৰিব,
 তাহানতো কাত আছে গৰ্ব্ব॥
কিস্কিন্ধা নগৰ মাঝে ভালমতে জানিলেক,
 বালী ৰাজা সুগ্ৰীব বীৰক।
ৰাজাৰ নিদানে আনো সৰ্ব্বলোক আছে সুখে,
 আক প্ৰভু নাজানা কিসক॥
মাধব কন্দলি ভণে শুনিয়োক সৰ্ব্বজনে,
 ৰামৰ চৰিত কথা সাৰ।
নড়ে অমৃত সম পাপৰ সাক্ষাত যম,
 জানি ৰাম বোলা বাৰেবাৰ॥

বালী বোলে শুনা ওৰে পটেশ্বৰী তাৰা।
ৰূপে গুণে বিতোপনী সংসাৰতে সাহা॥
জানি আছোঁ ৰাম দশৰথৰ তনয়।
তাঙ্ক লাগি কিছু মোৰ ভয় নজন্ময়॥
সাগৰ শুকান্ত ৰামে এক পাত শৰে,
দেৱক খেদন্ত পশি স্বৰ্গৰ ভিতৰে॥
উপাৰিবে পাৰো সাতো-দীপা পৃথিবীক।
তেহো ৰামে কি কৰিব দুৰ্জ্জয় বালীক॥
স্ত্ৰী-বৈৰী পিতৃ-বৈৰী সীমা-বৈৰী নোহোঁ,
ৰাজ্যৰ নিমিত্তে আমি দুইভাই যুজুহোঁ,
কোন অপৰাধে ৰামে বধিবা আমাক।
বাহৰিয়া প্ৰাণেশ্বৰী ঘৰে বসি থাক॥
তথাপি বালীক তাৰা বুজাই বুলিলন্ত।
ভকতৰ পদে ৰামে অন্যায় কৰন্ত॥
ভকতবৎসল গুণ এতেকে ৰামৰ।
সুগ্ৰীৱ ভকতি তান্তে কৰে নিৰন্তৰ॥