পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৫
সীতা হৰণ ৷

মোহোৰ বচন যেৱে নৈৰাশ কৰিব।
সুখে দুখে তোক আজি অবশ্যো হৰিব॥
ৰাৱণৰ বোল শুনি উৰি গৈল জীউ।
কোপে ভয়ে বুলিলন্ত জনকৰ জীউ॥
মোহোক হৰিয়া যেৱে পাতালক যাস।
তহিতো ৰাঘৱে তোৰ চিন্তিব বিনাশ॥
হাড়ী জাতি হুয়া পঢ়িবাক চাস বেদ।
অবিলম্বে ৰাঘৱে কৰিব স্কন্ধ ছেদ॥
হৰৰ ঘৰিণী হৰি জীৱাক আশস।
ইন্দ্ৰৰ শচীক হৰি মৰণৰ লস॥
হৰিবাক পাৰস চন্দ্ৰৰ ৰোহিণীক।
সত্যবন্ত ভাৰ্য্যা নিবে পাৰ সাবিত্ৰীক॥
বশিষ্ঠৰ অৰুন্ধুতী পাৰ হৰিবাক।
তথাপিতো নোৱাৰিবি ৰামৰ সীতাক॥
লঙ্কাৰ অগনিকুণ্ড মোক যেবে নিবি।
ৰামৰ হাতত মুঢ় অবশ্যে মৰিবি॥
মুনিষৰ বেটা হোস ক্ষণিক বিথান।
প্ৰভুৰ হাতৰ সহ এক গোটা বাণ॥
কি তই সহিবি শ্ৰীৰামৰ বাণ টান।
লক্ষণৰ শৰ ছোটে তেজিবি পৰাণ॥
স্ত্ৰীৰ আগত মুনিষাই বখানস।
মোহোৰ প্ৰভুৰ তই কথা নজানস॥
অপকাৰ কৰিলি যতেক দেৱাসুৰ।
ৰাঘৱৰ হাতত সকলে হুইব চুৰ॥
কুপিৰ ৰাৱণ বাক্য শুনিয়া সীতাৰ।
ঋষি বেশ এৰি ৰূপ ভৈল আপোনাৰ॥
কুৰি কাণ দশ নাক কুৰিখান হাত।
ডাঙ্গৰ কপালে চিত্ৰ দশ গোটা মাথ॥
দশ মুখ মাঝে কৰি নয়ন বলয়।
যেন কুৰি কুণ্ডা বহ্নি পৰ্ব্বতে জ্বলয়॥