সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৯
সীতা হৰণ ৷

তাৰা দুই জনে তোক যিতো বেলে,
 সেহি বোল সাৰ কৰাঁ।
চটুয়া মন্ত্ৰীৰ বচন নৃপতি,
 বিদূৰতে পৰি হৰাঁ॥
হেনয় হিতক নুশুনিয়া তুমি,
 কৰা যেৱে আন মন।
সব বন্ধুজন মৰাইবাহা তেৱে,
 লঙ্কা ৰাজ্য হুইবে ছন॥
দুৰ্জ্জয় ৰামৰ হাতত সমন্তে,
 বলদৰ্প হুইবে চুৰ।
অবিলম্বে তেৱে দেখিবা নৃপতি,
 দুৰ্ব্বাৰ এ যমপুৰ॥
ৰামৰ চৰিত্ৰ পৰম অমৃত,
 শুনা সভাসদজন।
নিশ্চয় জানিবা ইসে মহাধৰ্ম্ম,
 কলি মন কৰে ছন্ন॥
পুণ্যক সঞ্চিয়ো যমক বঞ্চিয়ো,
 সংসাৰ কৰি মোচন।
এৰি আন কাম বোলা ৰাম ৰাম,
 ঘুষিয়োক ঘনে ঘন॥

মাৰীচৰ বচনত কুপিত ৰাৱণ,
আতি বৰ ক্ৰোধে পাছে বুলিলা বচন॥
হাওঁৰে পাপিষ্ঠ মই কৰিলোহোঁ কিস,
কি কাৰণে মোক বৰিষস বাক্য-বিষ॥
নিষ্ঠুৰ বচন কিয় বোল এতমান।
ভূমিত ৰৈলেক বেন বীৰ্য্যহীন বাণ॥