পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৮
অসমীয়া সাহিত্যৰ চানেকি ৷

শুনা লঙ্কেশ্বৰ বিস্তৰ দুঃখক,
 পাইলোঁ আমি অনুপম।
যেখন তেখন সুমৰন্তে দেখোঁ,
 হেৰ আসি পাইলে ৰাম॥
এহিলে নিমিত্তে এৰিলোহো ছাৰ,
 ভাৰ্য্যা পুত্ৰ পৰিবাৰ।
প্ৰাণ অবশেষ কেবলে মোহোৰ,
 তপ মাত্ৰ ভৈল সাৰ॥
স্বৰ্গৰ ভিতৰে যতেক দেৱতা,
 পাতালৰ যত নাগ।
ইতো পৃথিবীৰ যত ৰাজা আছে,
 তোমাক কৰিয়া আগ॥
যেৱে সৱে মিলি একল ৰামক,
 একেবাৰে কৰে ৰণ।
ৰাঘৱৰ মাৰ চোটত জানিবা,
 সবাৰে হুইবে মৰণ॥
মোহোৰ বচন সাৰ জানি তুমি,
 উলটি লঙ্কাক যাহা।
বিভীষণ বুদ্ধি মন্তত ইসব,
 কথাক পুছিয়া চাহা॥
ত্ৰিজটা তোমাৰ বহিনীত সুধি,
 যেৱে তাৰা দেই সাহা।
তিনিৰ সম্মতে পাছে নৃপবৰ,
 জানেকীক হৰিবাহা॥
তোৰ হিত পক্ষ ত্ৰিজটা বহিনী,
 হিত বিভীষণ ভাই।
দুই হন্তত পৰে লঙ্কাৰ ভিতৰে,
 তোৰ ইষ্ট কেহোঁ নাই॥