পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৪
অসমীয়া সাহিত্যৰ চানেকি।

বাপেকে ধনক ডাকিলে নহয়,
 পিতৃত সিতো ভকত।
তেহ্নয় সহস্ৰ কৌটি একো ৰামো,
 নুহিকে মোক শকত॥
কুৱেৰ দদাক যুদ্ধত জিনিয়া,
 লঙ্কা দেশ কাঢ়ি লৈলোঁ।
ত্ৰিদশক জিনি ৰণ চেৰ কৰি,
 কীৰিতিক বৰ থৈলোঁ॥
পাতাল পুৰত নভৈলে শকত,
 মোক (বীৰ) বৰ নাগে।
মানুষ গোটক মুনিষ বোলস,
 কি হেতু মোহোৰ আগে॥
ইতো পৃথিবীৰ ৰাজাগণ যত,
 মহাবীৰ বোলাইলেক।
সি সব সমস্ত মোহোৰ আগত,
 উচিত দণ্ড পাইলেক॥
মাৰীচ মমাই তুমি মহাবীৰ,
 মোহোৰ বচন শুন।
নুপুছিলে কথা আপুনি কহৱৈ,
 মন্ত্ৰীৰ নুহিকে গুণ॥
ত্ৰিদশে ৰামৰ সহায়ক ভজি,
 এহি যে কাৰ্য্য সাধিব।
তথাপি সীতাক এৰি লঙ্কা নিব,
 দৈৱে তাক নবাধিব॥
জানিবা মমাই মোহোৰ সীতাক,
 ৰামে আৰ নপাইবেক।
গম্ভীৰ সাগৰ তৰিয়া কেমনে,
 লঙ্কাক লাগি যাইবেক॥