পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৩
সীতা হৰণ।

মোৰ বোল হিত যেৱে নশুনস লঙ্কেশ্বৰ,
 দেৱ ধৰ্ম্ম সবে হৈব সাক্ষি।
যিতো পাত্ৰ মন্ত্ৰী তোক হেন উপদেশ দিল,
 তাহাৰ ফুটিল দুই আঁখি॥
ৰাম দেৱ সুচৰিত সকল জনৰ হিত,
 দেৱ দ্বিজ গুৰুত বিনীত।
পিতৃৰ বচনে মিত সৰ্ব্ব দোষ বিবৰ্জ্জিত,
 ত্ৰিভুবন ৰাজাক উচিত॥
জনকৰ জীউ সীতা ৰাঘৱৰ বিবাহিতা,
 পতিব্ৰতা ধৰ্ম্মে আতি থিতা।
তোৰ মৃত্যু সন্নিহিত মতি ভৈল বিপৰীত,
 সি কাৰণে যাস তান ভিতা॥
ৰাৱণে বোলয়  মাৰীচ মমাই,
 তুমি মোৰ মহা পাত্ৰ।
মোক কি কৰিতে পাবয় ৰাঘবে,
 মানুষ গোটসে মাত্ৰ॥
দশৰথ সুত পাপৰ চৰিত্ৰ,
 নজানয় ধৰ্ম্ম লেশ।
স্ত্ৰীৰ বচনে ভাৰ্য্যা ভ্ৰাতৃ সমে,
 আসি ভৈল বনদেশ॥
মানুষ ৰাঘৱ হোৱে বৰ ৰীৰ,
 কেমনে হই জানস।
কি কাৰণে মোক মাৰীচ মমাই,
 বাক্য-বিষ বৰিষস॥
ত্ৰৈলোক্য বিজয়ী দুৰ্জয় ৰাৱণ,
 মোক বীৰ নেদেখস।
মোহোৰ আগত  মানুষ ৰামক,
 মুনিষ বলি দেখস॥