এতেক বচন শুনি মাৰীচে মনত গুণি,
হাত যোৰে লাগে ভৈল থিৰ।
ৰামৰ নামক শুনি ৰাৱণক বুলিলেক,
কাম্পে তাৰ সকল শৰীৰ॥
ৰাম যেন বীৰবৰ নজানস লঙ্কেশ্বৰ,
কাৰ বোলে মাৰিবাক যাস।
সুখৰ ভিতৰে তোৰ এত মতি কৰিলেক,
কুল ক্ষয় কৰিবাক চাস॥
নৃপতি সবত চাটু প্ৰিয় বোল বোলন্তাক,
শতেক সসস্ৰ কৈত নাই।
হিত পথ অপ্ৰিয়ক বুলিবেক যিতো জনে,
কৌটি মাঝে গুটি এক পাই॥
ৰামৰ বীৰত্ব মই ভাল মতে জানি আছোঁ,
ত্বৰিতে লঙ্কাক লাগি যাহা।
ইতো সব যত গ্ৰহ তেজিয়া ভাগিন তুমি,
জ্ঞাতি সমে ৰাজ্যক কৰাহা॥
হৰি হৰি লঙ্কেশ্বৰ তোহোৰ প্ৰসাদে সব,
ৰাক্ষসৰ হৰিলেক শঙ্কা।
হৃদয়ৰ মাঝে তোৰ হেন বুদ্ধি ফিৰি গৈল,
হৰাইল মাণিকপুৰী লঙ্কা॥
আসন্ন কালত আসি বিনাশন বুদ্ধি ভৈল,
মাথে তোৰ যম কাল নাচে।
অগনিৰ শিখা সম সীতকে হৰিবে চাস,
মৰিবাৰ কত কাল আছে॥
ৰাম যেন বীৰবৰ নজানস লঙ্কেশ্বৰ,
তাহান আগত তই মাখি।
আমাৰ বচন ধৰি সীতা দেবী পৰিহৰি,
দেশক চলাহা প্ৰাণ ৰাখি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩০১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২২
অসমীয়া সাহিত্যৰ চানেকি।