পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অৰণ্য কাণ্ড

সীতা হৰণ

ৰামৰ ঘৰিণী আছে সীতা নামে সুৰধনী,
 ত্ৰিভুবন সাৰ এক বালা।
মন্দোদৰী আদি কৰি যত মোৰ পটেশ্বৰী,
 পুৰীত নপাৰে এক কলা॥
হেন মোত কহিলেক শূৰ্পনখা বহিনীএ,
 শুনি চিত্ত ধৰিতে নপাৰোঁ।
জনক জীউক হৰি মুখ্য পটেশ্বৰী কৰি,
 ৰামত সকলে মান সাৰোঁ॥
সীতা শোকত তাৰ তেজ বল হানি হৈব,
 শৰীৰ যাইবেক তাৰ জসি।
হতে ধনু কাণ্ড ধৰি ৰামক নিৰ্ভয়ে মাৰো,
 দণ্ডকা বনত পাছে পশি॥
আখৰ বচন ভঙ্গ নকৰা মাৰিচ মমা,
 বাক্য মোৰ দৃঢ় কৰি ধৰ।
সুবৰ্ণৰ মৃগ হুই সীতাৰ আগত গই,
 কোমল বনত তই চৰ।
সীতাৰ বচন শুনি শ্ৰীৰাম লক্ষণ দুই,
 যাইব তোক ধৰিবাক লাগি।
গান্দি দেখা যেন কৰি ত্বৰিত গমন ধৰি,
 গহন বনক যাইবা ভাগি॥
শূন্য আশ্ৰমত পাছে সীতাক ৰথত তুলি,
 চলি যাইবোঁ আপুনাৰ থান।
এত কাৰ্য্য কৰি লাভ মোক অনুগ্ৰহ হয়,
 কৰিবো তোমাক বহু মান॥