পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি । সমস্ত লােত শুনাই বুলিলাহা কাজ। কালি আনি মক পাতিৰোঁ যুবল। সিসব ৰচম কেনে পৰিবৰ্ত্ত ভৈলা। গুণি চোৱা তমু সত্য কেন মতে ৰৈল । কোন ফল পাইলা তুমি অসতীক সেৱি । কৈকেয়ী তোমাৰ মাত্ৰ ভৈল মুখ্য দেৱী । তাহাক কাত গৈয়া ফুৰিয়ে৷ ৰাজ্যত। তেৱে পৰিপূৰ্ণ হৈবে ভােমাৰ শপত ॥ 'কৌশল্যা বােল মন্ত্রী নবােলা অধিক। পুত্র শশাকে মৰিছে আউৰ মাৰ কিক ॥ কৌশল্যাৰ বােলে মন্ত্রী কিছু শান্ত ভৈলা। বিদায় কৰিয়া নিজ স্থানে চলি গৈলা। অনন্তৰে আসিয়া ৰজনী উপগত। শােকে দুঃখে পীড়ি নিদ্ৰা গৈলা দশৰথ। .

- - - ra " ,