পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামৰ বনবাস। সুমিত্ৰায়ে বোলন্তে কৌশল্যা শুনা বাই। হ৷ ৰাম বোলন্তে ৰাজাৰ প্ৰাণ যাই। ইতো দোষ পৰিহৰ স্বামীৰ সকল। মৰস্তাক মাৰিলে নাছিকে কিছু ফল। ছোট হন্তে ৰামে পিতৃ আজ্ঞা নবাধিল। বন বাস কৰি ৰামে কল্যাণ সাধিল। হেয় পুত্ৰক একো নকৰিবা চিন্তা। দেখিবাহা সত্বৰে লক্ষণ ৰাম সীতা! সুমিত্ৰাৰ বোলে শান্ত চিত্ত কৌশল্যাৰ। স্বামীক নিষ্ঠুৰ বুলি ভৈলা চমৎকাৰ। ক্ষমিয়োক প্ৰভু বুলি চৰণে ধৰিল। প্ৰবোধ বচনে তেওঁক কাতৰ কৰিল। পুৰ শোকত বিমোহিত মোৰ মন। প্ৰভুক বুলিলে। তাতে লাঘব বচন। পঞ্চ দিন ভৈল ৰাম বনবাসে গৈল। আতে মোৰ শত বৰিষৰ সম ভৈল। হেন শুনি দশৰথ শান্ত কিছু ভৈলা। অনন্তৰে সুমন্ত্ৰেয়ো বুলিক গৈলা॥ হোট হন্তে সেৱা কৰে। তোমাৰ চৰণ। একো কালে মবাধিলা আমাৰ বচন। মৃত্যুকালে পাইলে আসি তোমাক বিধি। কৈকয়ীক বৰ দিল। আমাক সুধিৰ বৃদ্ধৰ তৰুণী ভাৰ্য্যা লোকত শুনিল। সি সৰ সকলো কপা তোমাত মিলিল। এম অমৃতক তুমি তেজি তৰল। মৰিবাৰ বেলা খাইলা কৈকেয়ী গৰল। গুৰু বন্ধু জন কিছু নভৈল তোমাৰ। বংশক বিনাশি কৈলা কৈকয়ীক সাৰ। সাৰ্থক বুলিলা বাক্য কৌশল্যা গোসানী। কেনে মতে তোমাৰ ৰহিল সত্য বা