পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। কপ্টক ভাঙ্গিয়া ঘোৰ ৰন মধ্যে থিত। ৰাপৰ মাৱৰ শোকে অধীৰ চৰিত। মন্ত্ৰী ফেলে মাৰ শোক কৰা উপশম। দেখিবাহা সত্বৰে লক্ষণ সীতা ৰাম॥ স্বামীৰ তুলত থিত সীতা বনবাসে। লক্ষী দেবী ক্ৰীড়ন্ত যেহেন বিষ্ণু পাশে শ্ৰীৰাম লক্ষণ দুয়ো দুই হন্তৰ হিত। দুইকো দুই ৰাখন্তে বনত ভৈলা খিত। মধুময় ফল তিনি ভক্ষণ কৰন্ত। তিনিকে তিনিয়ো দেখি দুখ পাসৰস্তু। বাপ মাৱ বন্ধুজন সবাকো পাৰি। তিনি জনে বমত আছ ক্ৰীড়া কৰি। তাহান নিমিত্তে শোক দুঃখ পৰিহৰি। অবিকলে থাকিয়োক স্বামী সেৱা কৰি। সুমন্ত্ৰৰ বাক্যে তান শৰীৰ জুৰাইল। সন্ধকিয়া আগতে ৰাজাক ভেট পাইল। কৌশল্যা যোলন্ত শুনা পৃথিবীৰ নাহ। মৰিবাৰ বেলা সত্য-বোল হেৰাইলাহা॥ একশত অশ্বমেধ এক ভিতি কৰি। আউৰ দিকে সত্য দিয়া দুইকো তুলি ধৰি। মহাযজ্ঞ শতকো কৰিয়া সত্য বলে। হেন সত্য এৰিল। তোমাৰ দৈৰ ছলে। ৰাম অভিষেক লাগি সম্ভাৰ মিলাইলা। সকলো লোকত হেন কাৰ্যক জানাইলা। গৰ্ভৰ পুত্ৰৰ ভৈলা এৱা নাদ।।। ৰাজ্য নেদি দিল তুমি অৰণ্য সাগৰ। অজ্ঞানত বুৰাইলা তোমাৰ নাহি লাজ। মোক হিংসা সাধিলাহা কৈকৰ্গীৰ কাজ। ৰামক দেখুৱা হেন আশে প্ৰাণ ধৰে। মুছি আজি আগতে কটাৰ হানি মৰে।।