সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৭
ৰামৰ বনবাস

কেহো বোলে ইতো ভৰতৰ আইঠা খাইলে।
সি কাৰণে চণ্ডালে ৰামক এড়ি আইলে॥
যাত ভেৰু নিশা নবজায় বীৰ ঢাক।
হেন অযোধ্যাত শুনু ক্ৰন্দনৰ জাক॥
হাহাকাৰে কান্দে সবে শত্ৰু মিত্ৰ বৰ্গ।
জীৱন্ততে ৰামৰ মিলিল মহা স্বৰ্গ॥
কৰিয়ো শৰীৰ থিৰ মন্যু পৰিহৰি।
সত্বৰে আসিবা ৰাম বনবাস তৰি॥
ৰাজা বোলে সুমন্ত্ৰ বিকল কৰে গাৱ৷
আজি গৈয়া সত্বৰে ৰামক বাহুৰাৱ॥
ষাহন্তে আসন্তে চিৰকাল দেখোঁ তাই৷
ঝান্টে নিয়ো মোক তথা প্ৰাণ সঙ্কলয়॥
যদি বা সুমন্ত্ৰ তোক কৰি আছোঁ হিত৷
এতিক্ষণে ধৈয়ো নিয়া ৰামৰ সন্নিত॥
কণ্ঠাগত প্ৰাণ মোৰ প্ৰমাণক পাইল৷
হৃদয় লৰিল মোৰ জিহ্বায়ো শুকাইল॥
সিংহ বন্ধ স্কন্ধ ৰাম দীৰ্ঘ বাহু দুই৷
দেৱাসুৰ মাঝে যাক কেহো সম নুই॥
আয়ত নয়ন চন্দ্ৰ সমান বদন৷
পুত্ৰ নেদেখিলে যাইবোঁ যমৰ সদন॥
হাঁ ৰাম লখাই সীতা জনকৰ জীয়৷
পৰিত্ৰাণ কৰ মোৰ সঙ্কলয় জীৱ॥
আশেষ মিনতি কৰি মতিহীন ভৈলা৷
পুনৰপি ধৰণাত পৰি মুৰ্চ্ছা গৈলা॥
স্বামীৰ দেখিলা যেবে ভূমিত পতন৷
কৌশল্যায়ে সুমিত্ৰায়ে বুলিলা বচন॥
আমাকো বনত মন্ত্ৰী থৈয়া আস গৈয়া৷
গলে বান্ধি তিনিকো ধৰিবোঁ কোলে লৈয়া॥
শুনা বোলোঁ মন্ত্ৰী মোৰ প্ৰাণ খানি যাই৷
ঘোৰ বনে তিনি জনে বম ফল খাই॥