পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। চিত্ৰকূট পৰ্বতক দেখিয়োক সীতা। . পকা আমে গৌৰবৰ্ণ কৰিল চৌচ্ছিতা # .. ওপৰত মেঘ যেন দেখিয় শোভন। বাঢ়িল নিকলি যেন পৃথিবীৰ তন। শিখৰ ওপৰে মন্দাকিনী শুৰু জল। তনক কিয়া যেন বৰ অঞ্চল। মুভি শীতলবায়ু বহে বৃক্ষতলে। উপভোগ কৰিয়ে অমৃতসম ফলে। সুশোভন গৈৰিক বিচিত্ৰ ধাতু ভাল। সুবৰ্ণৰ তুন মণি ৰতন পোৱাল। পাৰিজাত মন্দাৰ চম্পক শাল তাল। আশেষ ৰমণ সুখে বঞ্চিয়োক কাল তুমি সমে চিত্ৰকূট হৈবো আমি থিত। গৌৰী মহাদেৱে যেন কৈলাস গিৰিত মৃগ সব মাৰিয়া ভুঞ্জিববা নিতে নিত। অযযাধ্যাৰ জন এবে ভৈলা অবিদিত। এহিমতে নানা বন পৰ্বত এড়াইল।। কথা মতে জানকীৰ পথ পাসৰাইল | শিথিল গমনে ৰাম জানকী লক্ষণে। পৰ্বত নিকট গৈয়া পাইলা কতোক্ষণে। দুয়ো ভাই তেতিক্ষণে পৰ্বত মুলত। . আশ্ৰম নিৰ্মিলা মন্দাকিনীৰ কুলত। বাসা দুই সাজিলা লক্ষণে ৰঘুনাথে। মাটি জল লৈয়া সীতা লিপিল হাতে - ঘৱে বোলস্তু মন্ত কুৰিৰে এখন।' . কৃষ্ণ সাৰ মৃগ মাৰি আনিয়ো লক্ষণ। জ্যেষ্ঠ ভাই আদেশক শিৰে তুলি লৈয়া। তেতিক্ষণে মৃগ মাৰি আনিলন্ত গৈয়া। সীতায়ে ৰাজিলা বামে হুনি বহ্নিমুখে। , যজ্ঞ সমাপিয়া তিনি ভুঞ্জিলন্ত সুখে।