পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৯
ৰামৰ বনবাস।

ৰাঘৱে বোলন্ত সুনিয়োক ঋষিৰাজ।
আদি অন্তে সংক্ষেপে কহিকো সবে কাজ॥
কৈকেয়ী মাৱে বৰ লৈলন্ত ৰাজাত।
ভৰতক ৰাজা পাতিবন্ত অযোধ্যাত॥
চৌধ বৰিষক মোক পঠাইলন্ত বন।
তুলত লৰিল সীতা ভৈয়াই লক্ষণ॥
তোমাৰ চৰণ আসি দেখিসোঁ বনত।
এড়াইছছোহো শোক কিছু হৰিষ মনত॥
কমন খানত আসি হৈবোঁ উপস্থিত।
উপদেশ বুলিয়োক আমাক উচিত॥
সসম্ভ্ৰম ৰূপে ঋষি বুলিলা বচন।
ত্ৰিভুবনে সাৰ ইতো মোৰ তপোবন॥
প্ৰয়াগ সুতীৰ্থ গঙ্গা যমুনা-সঙ্গমে।
আমি সবে হয়ো থিত এহিতো আশ্ৰমে॥
ৰাঘৱে বোলন্ত শুনিয়োক ঋষি-ৰত্ন।
ইথানে থাকিতে মোক নকৰিবা ষত্ন॥
মোক দেখিবাক আসিবন্ত বন্ধুজন।
নিৰজন থানে উপদেশিয়োক বন॥
ঋষিয়ে বোলন্ত আমি বিমৰিষি চাইলো।
অনুৰূপে তোমাৰ আনক খুজি পাইলোঁ॥
তৃতীয় প্ৰহৰ পথে আছে গুপ্ত দেশ।
চিত্ৰকূট পৰ্ব্বতত হুয়োক প্ৰবেশ॥
মুনিগণ দেখিবাহ বহু ফল মুল।
ভালক বানৰ সম গোদা গোলাঙ্গুল॥
কতো কতো ঋষি তাতে স্বৰ্গপথ চাইলা।
কেহোঁ কেহোঁ মুনিগণ মুকুতিক পাইলা॥
ঋষি সমে কথামতে ৰজনী প্ৰভাত।
মুনি সমে পাইলা গৈয়া যুমনা সাক্ষাত॥
পথ উপদেশি মুনি বাহুৰি আসিলা।
ভেল ভীন্ধি তিনি হন্তে যমুনা তৰিলা॥

২৭