পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অসমীয়া সাহিত্যৰ চানেকি।

লক্ষ্মণে বোলন্ত শোকে তোমাক বাধয়।
ইসব ক্ৰন্দনে আৰু কিছু নসাধয়॥
পুনু পুনু বোলাহা দেশক লাগি চল।
মই প্ৰাণ তেজিলে পাইবাহা কোন ফল॥
লক্ষণৰ বোলে ভৈলা শোক উপশাম।
পুহাইল ৰজনী গাৱ চলিলন্ত ৰাম॥
আগ ভৈলা লক্ষণ সীতাক মাঝ কৰি।
চলি যান্ত ৰাম বৃক্ষমূল পৰিহৰি॥
নদী নদ গজন পৰ্ব্বত মহাদেশ।
সীতাক আপুনি বিনাৱন্ত হৃষিকেশ॥
দেখিয়োক সীতা গঙ্গা যমুনা সঙ্গম।
পাইলোহোঁ প্ৰয়াগ ভৰদ্বাজৰ আশ্ৰম॥
ভৰদ্বাজ ঋষিয়ে কৰম্ভ হোম যাপ।
ত্ৰিভুবন দহিতে পাৰন্ত দিয়া শাপ।
হোম ধুম পৰুতি দেখিয়ো সীতা আগ।
মুক্তি ক্ষেত্ৰ আসি আনি পাইলোহো প্ৰয়াগ॥
গধূলি সময়ে যেবে আদিত্য নামিলা।
ঋষিৰ দুৱাৰে গৈয়া তিনিয়ো মিলিলা॥
ৰাম আসিবাৰ পাছে ঋষি বাৰ্তা পাইলা৷
শিষ্যক পাঠাইয়া ঋষি ৰামক আনাইলা॥
সৰ্ব্বে মুনিগণে ভৰদ্বাজক আৱৰি।
বাঘ ঘোঙ ভালকে, আছয় সেবা কৰি॥
ভৈল যজ্ঞ সবে মুনি তপে উপশাম।
নমিলন্ত মুনিক লক্ষণ সীতা ৰাম॥
ঋষিয়ে ৰামক কৰিলন্ত আশীৰ্ব্বাদ।
বেদ ধ্বনি উথলিল ব্ৰাহ্মণৰ নাদ॥
আসনে বসিলা ৰাম ঋষি সভামাঝে।
ফলে মূলে জলে অৰ্চ্চিলন্ত ভৰদ্বাজে॥
বচন কাৰণে ৰাম অথিৰ চৰিত।
ঋষিয়ে সুধিলা তব কিবা অপেখিত॥