পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০২
অসমীয়া সাহিত্যৰ চানেকি।

দুই বাহু মেলি ৰামে সাৱটি ধৰিলা।
গ্ৰাৱত ধৰিয়া মাখে চুম্বন কৰিলা॥
কিনো শুভ দিন আজি দেখিলোহো তোক।
এড়াইলোহো ক্ষণতেক হৃদয়ৰ শোক॥
কুশল বাৰ্ত্তাক পুছি দিলন্ত সিদ্ধান্ত।
আদি অন্তে কহিলন্ত আপুন বৃত্তান্ত॥
পৰিগ্ৰহ তেজিলোহোঁ তাপসৰ ভাৱ।
অন্ন পান দ্ৰব্য় যত ঠাৱক পঠাৱ॥
বাকলি বসন ফল মূলে মোৰ আশ্বাস।
পাইলোঁ তোৰ আদৰ ঘোঁড়াক দিয়ো ঘাস॥
সন্ধ্যা কৰিলন্ত ৰাম লখাই মহাবীৰে।
তৃণ শয্য়া নিম্মিলা লক্ষ্মণ গঙ্গা তীৰে॥
তৃণৰ শয্যাত ৰামে ঘেলালইন্ত গাৱ।
সীতাও চাপিয়া সুইলা সলজ্জিত ভাৱ॥
সুমন্ত লক্ষ্মণ গুহ গঙ্গাৰ কুলত।
তিনি জনে বিবাদিত বৃক্ষৰ মূলত॥
গুহ মাজে বোলে লক্ষ্মণৰ মুখ চাই।
তুহ্মাকো দিবাক আছে শষ্যাক বিছাই॥
ইহাতে সুতিয়ো তুমি মন্য়ু পৰিহৰি।
সসৈন্যে পহৰা দিবো হাতে ধনু ধৰি॥
লক্ষ্মণে বোলন্ত সুন গুহ মহাবীৰ।
কেনে নিদ্ৰা বাইৰোঁ শোকে দগধ শৰীৰ॥
কৌশল্যা সুমিত্ৰা মাৱ বাপ দশৰথ।
ছট ফটাই মনে হুইবে দহে অন্তৰ্গত॥
যাহাৰ তুলত লৰে চতুৰঙ্গ দল।
স্বৰ্গদাৰ ভেদয় সৈন্যৰ কোলাহল॥
হেন ৰাম সীতা মুতিলন্ত তৰুতল।
নৰহয় প্ৰাণ মন কৰয় বিকল॥
বাহাৰ সেৱক হস্তী ঘোড়া ৰথে চড়ি।
আগে পাছে সেৱা কৰি ছলে দড়দড়ি॥