স্নানিলতে সহস্ৰ জন্মৰ পাপ নাশ।
স্নানে দানে তপে হোৱে ব্ৰহ্মৰ প্ৰকাশ॥
অন্তকালে যিবা জনে গঙ্গাত মৰয়।
মুকুতি লভিয়া সুন সংসাৰ তৰয়॥
চাৰি মুখে ব্ৰহ্মা গুণ বৰ্ণাইতে নপাৰি।
হেন গঙ্গা তীৰ পাইলা ৰাঘৱ মুৰাৰি॥
বায়ুৰ পৰশে ঢেউ উঠলন্তে আছে।
ৰাম দৰশনে গঙ্গা দেৱী যেন নাচে।
ফেনগণ ভৈল যেন সচকিত হাস।
জলৰ উল্লোল যেন দেখিয় প্ৰকাশ॥
নিজাৱৰ্ত্ত হাতে গজা আহ্বান কৰিল।
গঙ্গাৰ দেখিয়া ৰামে শোক পাসৰিল॥
কুম্ভীৰ মগৰ মৎস্য শহু ঘৰিয়াল।
নানাবিধ জলজন্তু কৰয় আস্ফাল॥
হংস সাৰস মৎস্যৰস্ক চক্ৰবাক।
জলচৰ পক্ষীগণ লখি ঝাকে ঝাক॥
দুখতে হৰি কিছু ভৈলা গঙ্গা কুলে।
বসিলা ৰথৰ নামি ইঙ্গুদিৰ মূলে॥
সুমন্ত ৰথৰ ঘোড়া কৰিলা উদাস।
জলপান কৰায়া ঘোড়াক দিলা বাস।
শৃঙ্গৱেৰ পুৰে বীৰ ইন্দ্ৰ সমসৰ।
গুহ নামে ৰাজা বড় সুহৃদ ৰামৰ।
চণ্ডালৰ ৰাজা তেহে বাৰ্ত্তা পাছে পাইল।
মুখ্য মুখ্য পাত্ৰ লৈয়া ৰাম পাশে আইল।
দূৰতে ৰামুক দেখি নমাইলেক মাথ।
অষ্টাঙ্গে প্ৰণামি যুৰিলেক যোৰ হাত।
কৰ্পূৰ তামোল যত বিবিধ ভক্ষণ।
ৰামৰ আগত কৰিলেক উপসন।
আইস আইস গুহ বুলি ৰামে দিলা ৰাৱ।
সন্নিত চাপিলা গৈয়া বিনয় স্বভাৱ॥ .
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৮০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০১
ৰামৰ বনবাস।