পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০০
অসমীয়া সাহিত্যৰ চানেকি

সকলো লোকৰ ভৈল আসুখ আখুতি।
ছতিশ জাতিয়ে এড়িলেক নিজ বৃত্তি॥
দেশে দেশে প্ৰজাসবে কান্দে মন্য়ু কৰি।
সকলে নগৰ ছানি বোলে হৰি হৰি॥
দশৰথ কৈকেইক প্ৰজা বোলে ধিক।
বিনা দোষে ৰামক পঠাইল বনে কিক॥
কতো দিনে প্ৰজাসবে খাইলে অন্ন পানী।
সুনিয়ে পথত যেন ৰামৰ কাহিনী॥
উপায় বিশেষে প্ৰজাগণ পৰিহৰি।
অবিলম্বে পাইল আসি কোশল নগৰী॥
তাকো এড়াই গৈলা দেবশ্ৰুতি নদী তৰি।
লক্ষ্মণ জানকী সমম্বিতে মন্য়ু কৰি॥
গোপ কুল পাইলা গৈয়া ঘৃত দধি সাৰ।
শীঘ্ৰ বেগে ভৈলা গৈয়া গোমতীৰ পাৰ॥
ৰথ নেমি সন্ধানে পৃথবী তল ভেদি।
শীঘ্ৰ বেগে তৰিলা সৰযু মহানদী॥
মন্ত্ৰীক সম্বুধি ৰামে বুলিলা বচনে।
বিষাদ থাকিল মোৰ সৰযুৰ বনে॥
কোন কালে আসি মাৱ বাপ ভেট পাইৰ্যোঁ।
সৰষুৰ বনে মৃগ মাৰিবাক যাইবোঁ॥
হেনয় বিষাদে যেবে গৈলা বহু দুৰ।
গধূলিক বেলা পাইলা শৃঙ্গৱেৰ পুৰ॥
দেৱ নদী গঙ্গাক দেখিলা গৈয়া তথা।
জগত পবিত্ৰ কৰি বহন্ত সৰ্ব্বথা ॥
শত যোজনত থাকি সুমৰণ কৰি।
তেতিক্ষণে দুৰ্ঘোৰ দুস্তৰ পাপ তৰি॥
স্নানত দুস্কৃত যত গুচয় নিশেষ।
কল্যান লভিয়া পায় পুণ্যক অশেষ॥
দেখিলে পাতক হৰে এক জনমৰ।
পৰশিলে নষ্ট হোৱে জনম শতৰ॥