পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৯
ৰামৰ বনবাস।

জাগি প্ৰজাসবে বোলে হৰি হৰি বিধি।
খুজি ফুৰে হাতৰে হৰাইলো নৱ নিধি॥
অযোধ্যাক গৈলা ৰাম দেখি ৰথ চিন।
জানি নিৰন্তৰে প্ৰজা ভৈলা শোকহীন॥
ক্ষমা শীল ৰাম কোপ উপসাম ভৈল।
হেন বুলি প্ৰজাসব অযোধ্যাক গৈল॥
পাছে প্ৰজা দেখে ৰাম নাহি অযোধ্যাত।
সূৰ্য্য় অস্ত গৈলে পদ্ম সংকোচ সাক্ষাত॥
ভূমিত পড়িয়া প্ৰজা আপুনাৰ ঠাৱে।
পূত্ৰ পৰিবাৰ সমে কান্দে দীৰ্ঘ ৰাৱে॥
নাৰীগণ স্বামীক বোলয় অনুত্তৰ।
ৰামগুণ পাসৰিয়া আসি ভৈলে ঘৰ॥
দিনেকৰো গুণ তান সুঝিতে নপাবি।
স্বামী সকলক গালি পাৰে যত নাৰী॥
স্বামীৰ মাথাত কেহোঁ দেই মাৰ ঘোৰ।
এড়ি আইলি ৰামক টেণ্টন যেন চোৰ॥
এভো হেন কৰহ ৰামৰ পাশে যাহা।
সেৱা কৰি বিনয়ে ৰামক বাহুবাহা॥
ফল মুল জোগাই আনি ৰামক তুষিব।
তোহ্মাক আহ্মাক ৰাম সীতায়ে পৰিব॥
স্ত্ৰীমুখ চাইতে আইলি ৰামক তেজিয়া।
পাপী মোক্ষ তেজি মৰে নৰকে মজিয়া॥
এহি মতে প্ৰজায়ে ৰামক কৰে মৰ্ম্ম।
তেজিল সমস্ত লোকে যাৰ যেন কৰ্ম্ম॥
দেৱৰিয়ে দেৱ পূজা কৰিলে বিছেদ :
ব্ৰাহ্মণ সকলে নপঢ়য় আৰ বেদ॥
ক্ষত্ৰী এড়িলেক অস্ত্ৰ সস্ত্ৰ কৰ্ম্ম ধৰ্ম্ম।
বৈশ্যে এড়িলেক কৃষি বাণিজৰ কৰ্ম্ম॥
শূদ্ৰে এৰিলেক সেৱা বিষাদিত লোক।
পুত্ৰে মাতৃ তেজিল এড়িল মোৱে পোক॥