পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৮
অসমীয়া সাহিত্যৰ চানেকি।

আসুখ নকৰ বাস মন্যু পৰিহৰি।
ৰাত্ৰি গোট বঞ্চিয়ো প্ৰজাক ৰক্ষা কৰি॥
কেন মতে ফল মূল ভুঞ্জিবোহো আজি।
ঝান্ট কৰি তৃণ শয্যা দিয়ে মোক সাজি॥
ৰামৰ বচন শুনি লখাই মহাবীৰে।
তৃণ শয্যা নিৰ্ম্মিলা তমসা নদীতীৰে॥
ৰাম সীতা পাছে তথা শয়ন কৰিল।
নিদ্ৰা গৈলা দুয়ো দুখ শোক পাসৰিল॥
চতুৰ্ভিতি বেঢ়ি সুইলা অযোধ্যাৰ লোকে।
নিচেষ্টে গৈলন্ত নিদ্ৰা পীড়িলেক শোকে॥
ৰামৰ বিবিধ গুণ কথা আতি কহি।
সুমন্ত লক্ষ্মণ জাগি থাকিলন্ত বহি॥
সমধিকে গৈল যেবে নিশা দুই পৰ।
পাইলন্ত চেতন নিদ্ৰা ভাগিল ৰামৰ॥
ৰাঘৱে বোলন্ত লখাই প্ৰজাৰ বিপতি।
পুত্ৰ দাৰা গৃহ তেজি আহ্মাত ভকতি॥
দাৰুণ বনত আসি তমসা কুলত।
মোত অনুৰাগে সুইল বৃক্ষৰ মূলত॥
প্ৰজাক আহ্মাৰ দুখ দিতে নুযুৱাই।
সবাহাঙ্ক পৰিহৰে চিন্তিয়ো উপাই॥
সুন বোলো বচন সুমন্ত শুদ্ধভাৱ।
অযোধ্যাক লাগি মোৰ ৰথ বাহুড়াৰ॥
কতোদূৰ গৈয়া পাছে আন পন্থা ধৰি।
অন্তৰীক্ষ ভাৱে ৰথ আন ঝান্ট কৰি॥
শ্ৰীৰামৰ বচন সুমন্ত পৰিমানি।
সেহিমত কৰি ৰথ যোগাইলন্ত আনি॥
ৰাঘৱে সীতায়ে সেহি ৰথত চড়িয়া।
তমসাৰ পাৰ ভৈলা প্ৰজাক এড়িয়া॥
পাৰ হুয়া ৰাম যেবে বহুদুৰ গৈলা।
প্ৰভাততে আদিত্য উদয় আসি ভৈলা॥