পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৭
ৰামৰ বনবাস।


পৰম অথিৰ  মণিষ শৰীৰ,
 পড়ে কেতিক্ষণ জানি।
জন্মৰ সাফল  হৌক লোক ডাকি,
 বোলা ৰাম ৰাম বাণী॥

পদ।

অযোধ্যা তেজিয়া ৰাম গৈলা যেতিক্ষণ।
নগৰীয়া লোক নাথাকিল একোজন॥
নিজ প্ৰাণ তিনি জন বনে চলি যাই।
মৃতক শৰীৰে থাকিবোহোঁ কাক চাই॥
এহি বুলি প্ৰজা ৰাঘৱৰ লাগ লৈল।
যাইবে কতো নপাৰি পন্থত পড়ি ৰৈল॥
ৰাঘৱে বোলন্ত সুনা অযোধ্যাৰ জন।
যদি দায়া থাকে মোৰ শুনিয়ো বচন॥
মোহোৰ বাসনা এড়ি অযোধ্য়াক যাহা।
ভৰতক ৰাজা কৰি ধৰ্ম্মপথ চাহা॥
মোহোৰ শোকেতে দগ্ধ ৰাজা দশৰথ।
তাঙ্ক যেবে আশ্বাসিয়ো মোৰ হিত পথ॥
প্ৰজা বোলে ৰাম প্ৰভু ধৰ্ম্ম চাহিয়োক।
বাহুৰায়ো মন অযোধ্যাক চলিয়োক॥
নোহে আমি তেজিলোহো পুত্ৰ পৰিবাৰ।
তোহ্মাৰ তুলতে বন কৰিলোহোঁ সাৰ॥
কৈকেইৰ বচনক দৃঢ় মনে কৰি।
কোথা চলি যাহা অযোধ্যাক পৰিহৰি॥
ৰাগ ৰোৰ সকলে আহ্মাত ক্ষেমা কৰি।
প্ৰতিপাল কৰিয়োক অযোধ্যা নগৰী॥
পিঠি দিয়া প্ৰজাক নিৰ্দ্দয় ৰাম বীৰ।
শীঘ্ৰ বেগে পাইলন্ত তমসা নদীতীৰ॥
ৰাঘৱে বোলত শুনা লক্ষ্মণ বিনীত।
প্ৰথম প্ৰবাস আসি ভৈলা উপস্থিত॥