পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৬
অসমীয়া সাহিত্যৰ চানেকি।

আতি সুশোভন   শিশু তিনি জন
 মোৰ যেবে বনে গৈল।
বিধিৰ বিঘাতে   আমি হেন নাথে
 পুত্ৰ অনাথিতি ভৈল॥
কোমল তুলিত   নেত কামলিত
 সুতি উতপাত কৰে।
তৃনৰ শষ্যাত   সুতিয়া সাক্ষাত,
 এবে কেনে প্ৰাণ ধৰে॥
অল্প বয়সৰ   সুখীয়া কুমৰ,
 ৰাজাৰ ভোগ উচিত।
তেজি গৃহ সুখ   বনবাস ভৈলা,
  ভুঞ্জিবেক নিতে নিত॥
শৰীৰক ছানি   পুত্ৰ শোক বহ্নি,
 দহে দুইকো নিৰন্তৰ।
শোকে সৰ্ব্বক্ষণে   ৰবিৰ কিৰণ,
 যেন সোবে সৰোবৰ॥
নিদ্ৰা নপাইলা  বিষাদে থাকিলা,
 ৰাজা আৰো পটেশ্বৰী।
নামৰ শোকত   ভৈল নিশবদ,
 অযোধ্যা সিতো নগৰী॥
শুনিয়োক লোক  সংক্ষেপি আছোক,
 ইতো কথা এহি মানে।
মহা লাভ জানি   ৰামৰ কাহিনী,
 সুনিয়োক বিদ্যমানে॥
ঘোৰ কলি কাল   নাহি আত ভাল,
 ৰামৰ বিনে ভকতি।
জীবা কত কাল   তেজি আল জাল,
  ৰাম পাৱে দিয়া মতি ॥