পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৫
ৰামৰ বনবাস।

মলিন পড়িল  গৰুড়ে এড়িল,
 সৰ্পৰ যেন গহবৰ।
কেশৰী খেদিল  কুঞ্জৰে তেজিল,
 যেহেন গিৰি কন্দৰ।
পাছে শোকে দুখে কৌশল্যা সহিতে,
 শয্যাত এড়িলা গাৱ।
হাঁ ৰাম বুলি বাহু দুই তুলি,
 কান্দৈ দিয়া দীৰ্ঘ ৰাৱ॥
হৰি হৰি ৰাম  মোক শোক দিয়া,
 এড়ি কৈক লাগি গৈল।
কিননা তোৰ চিত  মোহোক বধি ত,
 লাগি উতপতি ভৈল॥
পূৰ্ব জন্মে হুইবে  মঞি পিতা পুত্ৰে,
 কৰায় আছোঁ বিয়োগ।
তাৰ ফলে ঘোৰ  মিলিল মোহোৰ,
 নিদাৰুণ পুত্ৰ শোক॥
প্ৰাণেশ্বৰী মোৰ  সুনিয়ো কৌশল্যা,
 গ্ৰীৱত চাপিয়া ধৰ।
তোহোৰ গৰ্ভত  ভৈল উতপতি,
 ৰাম মোৰ পুত্ৰবৰ॥
আৰ নেদেখিবোঁ  গৈল কৈক লাগি,
 মোহোৰ কুলনন্দন।
মহা বীৰ বৰ শৰীৰ সুন্দৰ,
 •গজব যেন গমন॥
পৰম নিৰ্ম্মল নীল উতপল
 সমান শোভে বদন।
শুৱলি বলিত,  আজানুলম্বিত,
 বাহু প্ৰিয় দৰিশন॥