পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯১
ৰামৰ বনবাস।

হাঁ বাপ ৰাম  লক্ষ্মণ জানকী,
 এড়ি মোক কৈক বাছা।
ইজন্মক লাগি   দেখোঁ পৰিছেদা,
 মাথা তুলি মোক চাহা॥
বাপৰ বচন,  সুনি ৰাম দেৱে,
 মন আকৰষি আনি।
মক মক কৰি   ক্ৰন্দন কৰন্ত,
 মুখত নাসয় বাণী॥
সুমন্ত মন্ত্ৰীক   বুলিলন্ত ৰামে,
 শীঘ্ৰে ৰখ খান ডাক।
সুনৰে সুমন্ত   নডাকিবি ৰথ ,
 দশৰথে দেন্ত হাক॥
নৰা থাক থাক   ডাক ডাক ডাক,
 উথলিল দুই ৰোল।
সুমন্ত মন্ত্ৰীৰ  মন দোধা ভৈল,
 কৰয় চিত্ত আন্দোল॥
খৰতৰ কৰি   ৰাঘৱে বোলন্ত,
 মন্ত্ৰী আৰ কিবা চাহা।
বাপৰ বচন   নুসুনিলা ভাৱে,
 ৰথ খান ঝাণ্টে বাহা॥
সুশিয়া সুমন্ত   মন্ত্ৰীয়ে ৰামক,
 চাইল কৰি হাত জোৰ।
আতি শীঘ্ৰ বেগে   কৰিয়া ৰথৰ,
 ডাকিলন্ত চাৰি ঘোড়॥
মন পৱনৰ   বেগে চলে ৰথ ,
 ধৰি অৰণ্যৰ পথ।
ক্ষণেকতে সৰে  পাছ কৰিলন্ত,
  নগৰৰ লোক যত॥