এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৫
অসমীয়া সাহিত্য়ৰ চানেকি।
পাইলেক ভাগক ভোকণ্ডা কাখৰ,
সবে পড়ি লৈলা খৰি।
মুখে শিৱ শিৱ সুমৰন্তে আতি,
পলাইলা যত তপসি॥
আছ বুলি জুগি আচাৰি পেহলাইলে,
পূজাৰ দেৱতা মান।
পূজিবাক লাগি পাছে পাইবোঁ দেৱ,
থাকয় যেৰে পৰাণ॥
ৰামৰ পাছত পঞ্চাশ ছাপন,
কৌটি যায় কোন্তকৰ।
তাৰ সীমা সংখ্যা নাহিকে যতেক,
চলি যাই ধনুৰ্দ্ধৰ॥
বাৰু খাণ্ডা ধৰ যতেক যুঝাৰ,
আদি অন্ত নাহি তাৰ।
একৈ একৈ বীৰে সাগৰ পৰ্য্য়ন্তে,
যুঝিবাক দেই ধাৰ॥
পুস্তক কান্ধত ধৰিয়া পাছত,
চলিলা ব্ৰাহ্মণ মানে।
নট ভাট আদি কিঙ্কৰ লড়িল,
আছিলেক যত মানে॥
সুৰ্য্য় দেৱতায়ে৷ যাৰ ৰূপ দেখি,
. চলিয়া নযান্ত ৰথে।
হেনয় সুন্দৰী সকলে কান্দয়,
পড়ি পড়ি চতুস্পথে॥
নয়ন কটাক্ষ কৰি ৰামদেৱে
পাহক লাগিয়া চাইল।
ভূমি পাৱে চলি আসন্ত কান্দন্তে,
নৃপতিক ভেট পাইল॥