পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৬
অসমীয়া সাহিত্যৰ চানেকি৷

কীৰ্ত্তি কৰ্ম্ম ধৰ্ম্মমানে সবে পৰিহৰি।
অনাথ কৰিলি তঞি যোধ্যা নগৰী॥
হাঁ প্ৰাণ পুত্ৰ মঞি পৰিহৰোঁ কিক।
স্ত্ৰীৰ অধীন মোক আছোঁ ধিক ধিক॥
প্ৰতিপাল কৰে মোক সুভাষিত ৰাম৷
তিনিয়ো ত্ৰৈলোক্যে যাক নাহিকে উপাম॥
হাঁ বিধি এৰে মঞি কৰিলোঁহো কিস।
পাপিষ্ঠীয়ে ঢালিলন্ত অমৃতত বিষ॥
পাপিষ্ঠ নিষ্ঠুৰ মঞি ভৈলো স্ত্ৰীৰ বশ।
ৰামক বনক পঠাই পাইলোঁ অপযশ॥
কিনো অধোগামী তঞি পাপিষ্ঠী দাৰুণী।
বিহৈতা স্বামীত কেনে ভৈলি নিকাৰুণী॥
বিলাপ কৰন্তে যেবে আছে দশৰথ।
হাত জোৰে সুমন্ত আগত উপগত॥
শ্ৰীৰাম লক্ষ্মণ সীতা দুৱাৰত থিত।
বনে যাইতে আসিলন্ত চৰণ দেখিত॥
কান্দি ৰাজা সুমন্তুক বুলিলন্ত বাণী।
মহাদই সমস্তক মিলায়োক আনি॥
পৰিছেদা দেখন্তোক পুত্ৰ ৰাম মুখ।
ৰাম বনে গৈলে অন্তৰ্গতে পাইব দুখ॥
ৰাজাৰ আদেশে মন্ত্ৰী গৈল অভ্যন্তৰে।
নিৰন্তৰে নাৰীগণ মিলাইলা সত্বৰে।
বসিলা ৰজাক বেঢ়ি ৰমণী সকলে।
চন্দ্ৰক বেঢ়িয়া যেন তাৰাগণ জলে॥
দেৱত ভুষিত যত সুন্দৰী সমাজ।
অপেচৰা বেঢ়িলে যেহেন দেৱৰাজ॥
সুমন্তয়ে নৃপতিৰ বচন প্ৰমাণি।
ৰাম সীতা লক্ষ্মণক ভেটাইলন্ত আনি॥
বাপক দেখিলা হেম সিংহাসনে থিত।
উদয় গিৰিত যেন জলন্তু আদিত্য॥