পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৯
ৰামৰ বনবাস৷

জানিলোঁহো ইহাঙ্ক আপদে আসি পাইল।
সি কাৰণে প্ৰিয় পুত্ৰ বনক পঠাইলা॥
আমি সবো ৰামৰ লগতে চলি যাইবোঁ।
ইহাৰ পাশতে গৈয়া নগৰী বৈসাইবোঁ॥
নিৰন্তৰে লৈয়া যাইবো পুত্ৰ পৰিবাৰ।
ইতো শূন্য নগৰী কৈকেইক হৌক সাৰ॥
ৰাজাৰ কুমাৰী তুলিলন্ত বাপে মাৱে।
প্ৰজাগণে দেখে সীতা যান্ত ভূমিপাৱে॥
সুকুমলী সীতা দেবী ভূমিত চৰণ।
কিসক নভৈল বিধি আহ্মাৰ মৰণ॥
নগৰী জনৰ বাক্য শুনি হেন কাণে।
সিংহদ্বাৰ পাইলন্ত মনত অভিমানে॥
সুমন্তক বোল জনায়ো মহাৰাজ।
বাপৰ চৰণ দেখোঁ যাইবোঁ বনমাঝি॥
সংক্ষ্যেপ কৰিয়া কহিলোঁহো ইতো কথা।
দশৰথ নৃপতিৰ সুনিয়ো বেৱস্থা॥
চেতন লভিয়া লোকে কৈকেইক চাইল।
ৰোগযুত গজে যেন সিংহ ভেট পাইল॥
কাল ৰাতৃ সুনিবি কৈকেইৰাজ জীৱ।
ৰাম বন গৈলে মঞি তেজিবোঁহো জীৱ॥
তোৰ পুত্ৰে কেন মতে কৰিবেক ৰাজ।
ছৱাল চৰিত্ৰ কিছো নুবুঝয় কাজ॥
মধুফল আশায়ে সেবিলোঁ বৃক্ষ মূল।
ফলকালে ভৈল সিয়ো সিমলিৰ তুল॥
বিবিধ কালত যেন নিকাৰুণ ভৈলি।
মুখৰ গৰাস মোৰ তাকো কাঢ়ি লৈলি॥
এবেসে জানিলোঁ তোক যেন পতিব্ৰতা।
মোহোৰ ৰুধিৰ পান কৰিতে সকতা॥
জন্মে জন্মে হোৱে জানো তোৰ সদগতি।
ৰাজ্যলোতে বধ কৈলি মঞি হেন পতি॥