পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৪
অসমীয়া সাহিত্যৰ চানেকি৷

দৰ্প মান এড়ি তান চিত্তক তুষিব।
তেবে অনুৰূপে তোক ভৰতে পুষিব॥
প্ৰভাত সময়ে উঠি চালিবাহা গাৱ।
কৰিবাহা প্ৰণাম আহ্মাৰ বাপ মাৱ॥
হিত সুহৃদতো ছাড়ি নেদেখিবা আন।
সব সাসু দেখিবাহা কৌশল্যা সমান॥
সীতায়ে বোলন্ত প্ৰভু সুনিয়ো বচন।
মোৰ বাক্য হেলা নকৰিয়া দিয়া মন॥
বাপৰ সুকৃতে পোৰ নজলয় সুখ।
পোৰ কৰ্ম্মে বাপেকৰো নখণ্ডয় দুখ॥
স্বামীৰ সুকৃত ভুঞ্জে পতিব্ৰতা জন।
প্ৰভুৰ লগত আৱশ্যকে যাইবোঁ বন॥
বনক যাহান্তে আগে মিলিবেক যত।
ভাঞ্জিয়া কণ্টক বন চলিবো আগত॥
মোৰ অভিপ্ৰায় যেন আপুনি জানাহা।
অনুগত তেজি অপবশক পাইবাহাঁ॥
কেশৰী কুঞ্জৰ বাঘ ভালুক মহিষ।
তুমি সঙ্গে থাকিতে কৰিবে মোক কিস॥
নদী নদ দেখিবো বিবিধ সৰোবৰ।
কুমুদিনী নলিনী অনেক মনোহৰ।
উৎসুক মনক গোসাঞি নকৰিবা ভঙ্গ।
তুমি সমে বনক যাইবাক কড় ৰঙ্গ॥
তুমি সমে প্ৰমন কৰিবো বন মাঝে।
যেহেন স্বৰ্গত শচী দেৱী দেৱৰাজে॥
ৰত্নময় বিচিত্ৰ পৰ্ব্বত বনদেশ।
বিবিধ পুষ্পিত বন সুগন্ধি নিশেষ॥
সুবিচিত্ৰ ক্ৰীড়া স্থান কুঞ্জৰ বিশেষ।
কাম সমে ৰতি যেন ক্ৰীড়িবোঁ আশেষ॥
মাৱে মোক পূৰ্ব্বত শিখাইলা হাতে ধৰি।
নকৰিৰা ভোজন স্বামীক পৰিহৰি॥