পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৩
ৰামৰ বনবাস৷

সীতায়ে বোলন্ত প্ৰভু দেব নিজ নাহা।
কোন দোষে তুমি মোক পৰিহৰি যাহা॥
পূৰ্ব্ব জন্মে নাৰাধিলোঁ পাৰ্ব্বতীশঙ্কৰ।
সি কাৰণে মোক পৰিহৰে প্ৰাণেশ্বৰ॥
সূৰ্য্য কুলে উতপতি অযোধ্যাৰ পতি।
দুখৱতী নাৰী কৰোঁ তোহ্মাত ভকতি॥
চৌদ্ধয় বৰিষ লাগি তুমি বনে যাইব।
ইজন্মক লাগি মোৰ মানে বুৰুৱাইব॥
চম্পক কলিকা সম মোৰ কলেৱৰ।
লুণ্ডি ঘুণ্ডি আছিলাহা যেহেন ভ্ৰমৰ॥
যেবে আসি বিকসিত ভৈল ফুল ফল।
উপভোগ এড়ি কেনে কৰাঁহা নিস্ফল॥
সূৰ্য্য অবিহনে যেন নোশোভয় দিন।
ৰজনী নোশোভে যেন শশধৰ হীন॥
বসন্ত নোশোভে বিনে কোকিলৰ বোলে।
নিস্ফল জীবন প্ৰভু তুলি বিনে কোলে॥
সুমৰন্তে প্ৰভু মোৰ লাগে হৃদি খেদ।
বোলে স্বামী দেৱ নকৰিবা বন্ধু ছেদ॥
কমন অঙ্গত মোৰ খিন দেখিলাহাঁ।
সি কাৰণে প্ৰভু মোক উপেখিয়া যাহাঁ॥
তোহ্মাক বোলোহোঁ তুমি ৰাজাৰ কুমাৰ৷
দাৰুণ বনক কেনে যাইবা একেশ্বৰ॥
যমৰ কৰণ সম দুৰ্গম দুস্তৰ।
সুমৰন্তে হৃদি খেদ গহন গহ্বৰ॥
ৰাঘৱে বোলন্ত সীতা চিত থিৰ কৰ।
আহ্মাৰ বচন তঞি দৃঢ় মনে ধৰ॥
আমি বন গৈলে দেৱ দ্বিজ আৰাধিবা।
উপবাস ব্ৰতে মোৰ কল্যান সাধিবা॥
ভাই মোৰ সুবোধ ভৰত শত্ৰুঘন।
দেৱ হেন আৰাধিবে সকৰুণ মন॥