পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। নাসা তৈল তিল ফুল বন্দুলি অধৰ। মুকুতা পংতি দন্ত পাল্কি মনোহৰ মনোহ অধৰ অধিক বিৰ ফল। তিনি ৰেখা সমে জলে সুশোভিত গল। বাহু দুই খান তোৰ মৃণালৰ সৰি। উদৰত ত্ৰিবলি কামৰ সামৰি। হৰ কোপ বহ্নি পীড়ে খুজি নপাই জুৰ। নাভি সমোবৰে কামদেৱে দিল। বুৰ। নিজ পুৰ পশি কামে মুদিল দুৱাৰ। উদৰৰ লোম পান্তি ধুম ভৈল তাৰ। ডমৰুৰ মধ্যদেশ সদৃশ কঙ্কাল। কাঞ্চিয়ে ৰঞ্জিত আতি নিতম্ব বিশাল। অমৃতৰ কুপ সম মন্মথৰ পুৰ। সস ঘন তো প্ৰকাশে প্ৰচুৰ। সুকুমাৰ উৰু ৰামকলীৰ সম। জঞ্জা দুইৰ কান্তি আতি দেখি মনোম। সুপুত গ্ৰন্থি আতি ৰা দুই পাৱ। নৱ কিসলয় দল সহজ স্বভাৱ। মন্থৰ গমনে কুৰৰ তেজ হবে। নুপুৰৰ শবদে সাৰস অনুসৰে। সূৰ্য্যৰ উপমা দুই কুণ্ডলৰ জ্যোতি। তাগণ চমক মাণিক গজমতি। সুগণ গল্প নাগৰ তেজ হবে। বেশ দেখি কমন যুবতে প্ৰাণ ধৰে। জীৱন্তে মৃত মঞি তোক পৰিৰে। গলে শিল বান্ধিয়া সাগৰে ঝম্প কৰে। পৰিহৰ দুখ গীতা চিন্তা শোক যোগ। মা জনৰ দুৰ নোহে হেন যোগ। বাপৰ বচন মঞি কেনে পৰিহৰে। গৃহ নেৰ ক্ষমা কৰ হাতে তোৰ ধৰে।