পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ৰামায়ণ—অযোধ্যা কাণ্ড।

ৰামৰ বনবাস।

দোলড়ি।

ধৱলি ঘৰত আছন্ত জানকী
 ৰাঘৱৰ মনোৰমা।
শ্মেত মেঘে যেন  জগত বিদ্ৰিত
 ৰোহিনী দেবী উপমা॥
আতি অপৰ্য্যন্ত  হৰিষ কৰন্ত
 গাৱে অলঙ্কাৰ ধৰি।
মোৰ স্বামী ৰাম  ৰাজা হৈব আজি
 আমি হৈবে৷ পটেশ্বৰী॥
মনে কুতূহল  অনেক মণ্ডল
 কৰিলন্ত ঠাৱে ঠাৱ।
মনত হাসম্ভ  নিয়মে আছন্ত
 সীতা জগতৰ মাৱ॥
প্ৰসন্ন নয়ন  হৰিষ বদন
 কৰি দুৱাৰক চাইল।
প্ৰাণনাথ ৰাম  গুণস অনুপাম,
 আসা দৰিশন পাইল॥
পৰিল ঝামৰ  নোশোভে ৰামৰ,
  মুখ অনুৰূপ দিন।
গোধূলি কালৰ  যেন দিনকৰ,
 প্ৰভাৱ ভৈলা বিহীন॥
প্ৰদৰ্খিণ কৰি  স্বামীক নমিলা,
 সীতা জনকৰ জীৱ।
হাত জোৰ কৰি  ৰামৰ পাশত,
 সঙ্কোসে ভৈলন্ত থিৱ॥