পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাধৱ কন্দলী।

আত্ম পৰিচয়।

কবিৰাজ কন্দলী যে  আমাকে সে বুলি কয়,
 মাধৱ কন্দলী আৰো নাম।
সপোনে সচিতে মঞি,  জ্ঞানে কায়বাক্য মনে,
 অহৰ্নিশে চিন্তে ৰাম ৰাম॥
শ্লোক সংস্কৃতে আমি,  গঢ়িবাক পাৰিছয়
 কৰিলোহে সৰ্বজনবোধে।
ৰামায়ণ সুপৱাৰ   শ্ৰী মহামাণিক্য যে,
 বৰাহী ৰাজাৰ অনুৰোধে॥
সাত কাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলে,
 লম্ভা পৰি হৰি সাৰোদ্ধৃত।
মহামাণিক্যৰ বোলে  কাব্য ৰস কিছো দিলো,
 দুগ্ধক মথিলে যেন ঘৃত॥
পণ্ডিত লোকৰ যেবে  অসন্তোষ উপজয়,
 হাত জোৰে বোলো শুদ্ধ বাক।
পুস্তক বিচাৰি যেবে  তৈত কথা নপাবাহা,
 তেৰে সবে নিন্দিবা আমাক॥