পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • প্ৰহ্লাদ চৰিত।

সাই নিলন্ত পানি পতোনিক লাগি। বসন্তে পিসন্তে তাৰ হাৰ গৈল ভাগি দুই হাতে ধৰি অসুৰক আলগাই। জলথল কিচু নোহে উৰুত বৈশাই। অস্ত্ৰে সন্ত্ৰ কাটিলা নখে বিদাৰিলা। ৰাত দিনে নামাৰিয়া সাত মাৰিলা। হৃদয় বিদাৰি পেলাইলেকহিতলে। নগৰৰ লোেক মানে পলাইলা সকলে গিৰিক ভেদিঅ জেন বহি জাই জল। হিৰন্যৰ তেজে বসুন্ধৰ জাই হল। হেনমতে দৈত্যেৰ গৈলা জমঘৰ। দেখি মনে ৰ ভৈলা সকল লোক। আকাসৰ পৰা দেৱে পুষ্প বৰিখন। অপেচৰা নাচ, গন্ধৰ্বে কৰে গান। লবঙ্গ লতি সুগন্ধিত পুষ্প অত। হৰিৰ সিৰত বৃষ্টি কৰে অসংখ্যাত। হেনমতে নিসাচৰ গৈল যম ঘৰ। সিতে কথা শুনি সৰ্বজন ৰুচিকৰ। আক পদ বন্ধে হেম সৰচোতি ভনে। কহা সুনন্তা বা কৰে নাৰায়নে। “পিতৃৰ মন পাচে প্ৰত্নাদে দেখিলা। হৃদয়ত তান মহা সন্তাপ লাগিল। হ প্ৰান পিতা মঞি কি কাম কৰিলে। তুমি কি নিজিলহ মঞি নমৰিলে। পিতৃ সে পৰম গুৰু পিতৃ ইষ্টদেৰ। পিতৃ বিনে সংখৰত বন্ধু নাহি কেৱ। জাহাৰ প্ৰসাদে মঞি দেখিলে সংৰ। পিতৃ অবিহনে দেখো দিনতে আন্ধাৰ। প্ৰদৰ বিলাপ দেখিয়া নাৰায়ন। লাখাসি বুলিলন্ত মধুৰ বচন।