পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬১
প্ৰহ্লাদ চৰিত।

কেহু জনে ভুঞ্জে ঘোল কেহু ভুঞ্জে খিৰ।
কেহু জে শ্ৰীমন্ত হোএ কেহু হোএ চুৰ॥
একৰ জিঅনে হৌক সবাৰো জিঅন।
একৰ মৰনে হৌক সবাৰো মৰন॥
একৰ ভুজনে হৌক সাবাৰো ভুজন।
তেবে জানু সবাতে আচন্ত নাৰায়ন॥
প্ৰহ্লাদ বদতি বাপ নিন্দো তজু বানি।
তুমি কিচো নজানাহা আমি আচো জানি॥
মঞি জে দেখুহু হৰি আচন্তে সবাতে।
মলচখু নিমিত্তেলে নেদেখা সাক্ষাতে॥
জি বুলা সকলো কিঅ নুহে সমসৰ।
পাপ পুন্য ফলে সুখ দুখ ভুঞ্জে নৰ॥
আচাৰত ভিন হৰি বিচাৰত এক।
ফোটিকৰ তন্তে তুমি দেখিও প্ৰত্যখ॥
হেন সুনি হিৰন্যই গাৱ চালি উঠি। .
ফোটিকৰ তন্তুত বসাইলা এক মুঠি॥
মুঠিৰ প্ৰহাৰে তন্ত ভৈলা চিনাচিৰ।
বড় চোটে কাম্পে তাৰ সকল সৰিৰ॥
কাটি বাজ ভৈলা পাচে নৰসিংহ ৰূপে।
এক ডেৱে হিৰন্যক ধৰিলা আটোপে।
হিৰন্যও হৰিক ধৰিল আঙ্কোৱালি।
তাৱক্ষনে হৰিও ধৰিলা গাৱ চালি॥
হেন দেখি নাৰায়নে গুনে মনে মনে।
মোক জে এনুআ চোটে আন সহে কুনে॥
গিৰ গিৰ সবদে লৰিলা ভুমিচাল।
ঘমে ঘনে কাম্পন্ত পৃথবী সাত তাল॥
চোবাৱে দখন আতি তেজঅ আটাস।
সৰ্গ মৰ্ত্ত পাতালত লাগিলা তৰাস॥
থলে জেবে যুজে থল জাই ৰসাতল।
জলে জলে যুজে জল সুখাই সকল॥

২১