পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৬
অসমীয়া সাহিত্যৰ চানেকি।

অনাদি পুৰুষ তুমি নাহি অন্ত ভেদ।
তুমি চৈধ সাস্ত্ৰ প্ৰভু তুমি চাৰি বেদ॥
নমো নাৰায়ন প্ৰভু অনাদি ইচৰ।
মৎস্য-কুৰ্ম্ম আদি কৰি দখ ৰূপধৰ॥
ত্ৰাহি ত্ৰাহি মহা হৰি সৰন দিওক।
সংখাৰ সাগৰে বুৰু ৰক্ষা কৰিওক॥
মাধৱে প্ৰহ্লাদে বহু মিলিলা আলাপ।
কৰজোৰ কৰি বহ্নি এড়িলেক তাপ॥
এতেকতে অগ্নিএ জোগাইলা সিংহাসন।
তাতে গৈআ আনন্দে বসিলা নাৰায়ন॥
মাধৱ বোদতি সুনা হিৰন্য তনয়।
তোৰ দুখ দেখি মোৰ নসহে হৃদয়॥
মুখোত চুম্বন দিআ প্ৰবোধিলা তাক।
কুনে তোক মাৰিবেক কহিওক মোক॥
সত্যে সত্যে সত্যে বাপু তোক দেঞো বৰ।
আজি ধৰি হঞা তুমি অল্পৰ অমৰ॥
আৰু এক কথা কহুঁ তোহাৰ আগত।
ৰজা হিৰন্যক জে বধিবু প্ৰভাতত॥
আনে কেহু নেদেখিবো দেখিবিহি তঞি।
ফোটিকৰ তম্ভে লুকাই থাকিবুহুঁ মঞি॥
কতো বেলি অন্তৰে হিৰন্যে ঝুলে বানি।
মোৰিল পুতাই মোৰ নুমাও অগনি॥
হেন শুনি হৰি পাচে অন্তৰ্ধান ভৈলা।
প্ৰহ্লাদক সম্বুধি আপুনি চলি গৈলা॥
অগনি সুমাই ৰাজা চাহিলেক পাচে।
দেখে হৰি সুমৰি প্ৰহ্লাদ বোসি আচে॥
পুৰিবাৰ প্ৰভাৱে অধিকে জলে কান্তি।
তপ্ত সুবৰ্নত কৰি অধিকে জলন্তি॥
দেখি হিৰন্য আতি ভৈলা ভয়ে ভিত।
কাস্পিলা হৃদয় আতি দেহা জৰ্জ্জৰিত॥